অসম

assam

ETV Bharat / snippets

তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত স্কুটী আৰোহী

Hit and Run case
তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত স্কুটি আৰোহী (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 7:56 PM IST

মৰাণ,১ আগষ্ট : ডিব্ৰুগড়ৰ মৰাণত শোকাবহ দুৰ্ঘটনা । তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত স্কুটী আৰোহী । লাচিত নগৰৰ ত্ৰৈলোক্যনাথ গগৈ পথৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা ৷ নিহত লোকজন ডিব্ৰুগড়ৰ কালিবাৰীৰ আহমদ হুছেইন বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাত পতিত স্কুটীখনৰ নম্বৰ হৈছে AS-04-Y-6322 । লোকজনে স্কুটীখনেৰে শিৱসাগৰৰ দিশে গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা এখন তেলৰ টেংকাৰে মহটিয়াই থৈ যায় । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

ABOUT THE AUTHOR

...view details