নতুন দিল্লী : কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে দেওবাৰে মণিপুৰত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, “না মণিপুৰ এক হে, না মণিপুৰ চেফ হে ৷”
ভাৰতীয় জনতা পাৰ্টীক কটাক্ষ কৰি খৰ্গে বিজেপিক "বিভাজনকাৰী ৰাজনীতি" কৰা বুলি অভিযোগ উত্থাপন কৰি কয়, "বিজেপিয়ে ইচ্ছাকৃতভাৱে মণিপুৰ জ্বলি যোৱাটো বিচাৰে ৷ কাৰণ ই নিজৰ ঘৃণনীয় বিভাজনকাৰী ৰাজনীতিৰ সেৱা কৰে ।"
ছ’চিয়েল মিডিয়া X ৰ এটা পোষ্টত খৰ্গে লিখিছে, "@narendramodi ji, আপোনালোকৰ ডাবল ইঞ্জিন চৰকাৰৰ অধীনত, ২০২৩ চনৰ মে' মাহৰ পৰাই "না মণিপুৰ এক হে, না মণিপুৰ চেফ হে"; ই কল্পনাতীত যন্ত্ৰণা...
খৰ্গে আৰু কয় যে দুয়োখন চৰকাৰ “সুন্দৰ সীমান্তৰ ৰাজ্যখনত বিফল হৈছে” আৰু মণিপুৰৰ জনসাধাৰণে তেওঁলোকৰ পৰিস্থিতিৰ বাবে তেওঁলোকক “কেতিয়াও ক্ষমা বা পাহৰি নাযায়” ৷
X ৰ এটা পোষ্টটোত আৰু কয়, "৭ নৱেম্বৰৰ পৰা কমেও ১৭ জন লোকে প্ৰাণ হেৰুৱাইছে । সংঘাতপূৰ্ণ অঞ্চলৰ তালিকাত নতুন জিলা সংযোজন কৰা হৈছে আৰু সীমান্তৱৰ্তী NE ৰাজ্যলৈ জুই বিয়পি পৰিছে । আপুনি মণিপুৰত ব্যৰ্থ হৈছে -- এখন সুন্দৰ সীমান্ত ।"
‘‘ভৱিষ্যতে যদি আপুনি মণিপুৰ ভ্ৰমণো কৰি, তেতিয়াও কিন্তু ৰাজ্যখনৰ মানুহে কেতিয়াও এই কথাবোৰ পাহৰি নাযায় বা আপোনাক ক্ষমা নকৰে... ৷’’ তেওঁ কয় ৷ ইফালে দেওবাৰে মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, “ঘৰ লুটপাত আৰু অগ্নিসংযোগৰ সৈতে জড়িত জনগোষ্ঠীৰ অংশ হিচাপে থকা ২৩ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে ।’’
ৰাজ্যৰ ইম্ফল পূব, ইম্ফল পশ্চিম আৰু বিষ্ণুপুৰ জিলাৰ পৰা গ্ৰেপ্তাৰ এই ব্যক্তিকেইজনক । ইয়াৰ উপৰিও আৰক্ষী বিষয়াসকলে তেওঁলোকৰ হাতৰ পৰা এটা .৩২ পিষ্টল, ৭ ৰাউণ্ড SBBL আৰু ৮ টা ম’বাইল ফোন উদ্ধাৰ কৰিছে ।
ৰাজ্যত হিংসা তীব্ৰতৰ হৈ পৰাৰ মাজতে পৰৱৰ্তী নিৰ্দেশ নোহোৱা পৰ্য়ন্ত ইম্ফলত সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰা হৈছে । ইয়াৰ পিছতে চৰকাৰে ততাতৈয়াকৈ দুদিনৰ বাবে ইণ্টাৰনেট আৰু ম’বাইল ডাটা সেৱাও বন্ধ কৰি দিয়ে । এই ঘটনাৰ পিছতে ইম্ফলত সেনা আৰু অসম ৰাইফলসহ এক কটকটীয়া নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় ।
X ৰ এটা পোষ্টত মণিপুৰ আৰক্ষীয়ে লিখিছে, "১৬.১১.২০২৪ তাৰিখে ইম্ফলত ৰাজ্যৰ মন্ত্ৰী-বিধায়ককে ধৰি জনপ্ৰতিনিধিৰ বিভিন্ন ঘৰ-দুৱাৰ আৰু সম্পত্তিক লক্ষ্য কৰি লৈছে ক্ষুব্ধ জনতাই । ৰাইজক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা আদিৰ আশ্ৰয় লৈছে । ইম্ফলত সেনা আৰু অসম ৰাইফলছকে ধৰি নিৰাপত্তা বাহিনী মোতায়েন কৰি নগৰ অঞ্চলৰ নিৰাপত্তা সুদৃঢ় কৰিবলৈ সক্ষম হৈছে । ফ্লেগ মাৰ্চ কৰা হৈছে । ইয়াৰ ফলত ০৮ (আঠ) লোক আহত হৈছে ৷’’