অসম

assam

চিটফাণ্ডে গ্ৰাস কৰিছে দৰং, আৰক্ষীৰ জালত পাঁচ

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 10:07 PM IST

Five accused arrested for involving in chit fund in Darrang
চিটফাণ্ডে গ্ৰাস কৰিছে দৰং (ETV Bharat Assam)

মঙলদৈ,৩ ছেপ্টেম্বৰ:দৰঙৰ দলগাঁৱত চিটফাণ্ডৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান । দৰং আৰক্ষীয়ে সোমবাৰে নিশা গোপন অভিযান চলাই ৫ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । দীৰ্ঘদিনৰ পৰা দলগাঁৱত সমবায় পঞ্জীয়নৰ জৰিয়তে ধনৰ বিভিন্ন লেনদেন কৰি অহা লোক হ'ল পাঁচজন ক্ৰমে আব্দুল আলম, নজৰ আলী, আমিৰ হামজা, জহুৰ আলী, ৰকিবুল ছাদ্দিক ।

তেওঁলোকে উজ্জ্বল মিউচুৱেল বেনিফিট নিধি লিমিটেড, দৰং মাইক্ৰ' মাল্টিপাৰপাচ ক'পাৰেটিভ প্ৰাইভেট ছ'চাইটি লিমিটেড, জনকল্যান এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভলপমেন্ট ছ'চাইটি, খলিফ নিধি লিমিটেড আৰু ৰামধেনু চাঞ্চ চানচাইন ফিন চাৰ্ফ লিমিটেড নামেৰে চিটফাণ্ড ছ'চাইটি খুলি চলাইছিল লুণ্ঠন । আটক কৰাসকলৰ পৰা বিভিন্ন নথি-পত্ৰ জব্দ কৰে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details