ETV Bharat / snippets

6 বছৰীয়া নাবালিকাক অসৎ কৰ্ম কৰি মাজুলী থানাৰ ৰঙাঘৰত সোমাল অভিযুক্ত প্ৰদীপ

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 7:24 AM IST

6 year old girl sexually assaulted by an old man in Majuli
6 বছৰীয়া নাবালিকাক অসৎ কৰ্ম কৰি মাজুলী থানাৰ ৰঙাঘৰত সোমাল অভিযুক্ত প্ৰদীপ (ETV Bharat)

মাজুলী, 5 ছেপ্টেম্বৰ : ৰাজ্যত নিতৌ যৌন নিৰ্যাতনৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰাৰ সমান্তৰাকৈ, এইবাৰ সত্ৰনগৰী মাজুলীৰ পৰা আহিছে এনে এক বাতৰিৰ তথ্য ৷ জানিব পৰা মতে, পূব মাজুলীৰ বনগাঁও আৰক্ষী চকীৰ এলেকাত সংঘটিত হৈছে এই জঘন্য ঘটনা ।

মঙলবাৰে এগৰাকী 6 বছৰীয়া নাবালিকাক প্ৰদীপ দাস নামৰ এজন ব্যক্তিয়ে অসৎ কৰ্ম কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইতিমধ্যে নাবালিকাগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত মাজুলী থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই অভিযুক্ত প্ৰদীপ দাসক গ্ৰেপ্তাৰ কৰিছে মাজুলী আৰক্ষীয়ে । মাজুলী থানাত 32/24U/S 65(2)BNS RW sec 8POSCO ধাৰাত ইতিমধ্যে গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.