ETV Bharat / state

প্ৰসংগ: Trading FX; অভিযুক্ত প্ৰৱঞ্চক প্ৰফুল্ল বৰাৰ টেঙাখাতৰ চৰকাৰী বাসগৃহত আৰক্ষীৰ অভিযান - Assam Trading Scam

author img

By ETV Bharat Assamese Team

Published : 15 hours ago

Online Trading Scam : Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙৰ প্ৰৱঞ্চক হিচাবে অভিযুক্ত প্ৰফুল্ল বৰাৰ টেঙাখাতৰ চৰকাৰী বাসগৃহত আৰক্ষীৰ অভিযান ৷ টেঙাখাত খণ্ড প্ৰাথমিক চিকিৎসালয়ত MPW পদত কৰ্মৰত প্ৰফুল্ল বৰা ৷ প্ৰফুল্ল বৰা যোৱা ২২ দিন ধৰি অকৰ্তৃত্বশীলভাৱে অনুপস্থিত নিজৰ কৰ্মক্ষেত্ৰত ৷

Online Trading Scam
অভিযুক্ত প্ৰৱঞ্চক প্ৰফুল্ল বৰাৰ টেঙাখাতৰ চৰকাৰী বাসগৃহত আৰক্ষীৰ অভিযান (ETV Bharat)

মৰাণ, ১৯ ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া আটাইতকৈ চৰ্চিত বিষয়টো হ'ল অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনা । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত এই অবৈধ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চকক আটক কৰি তদন্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ পাচতে আৰক্ষী কঠোৰ হৈছে । অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি গ্ৰাহকক প্ৰৱঞ্চনা কৰা সকলক আৰক্ষীয়ে আটক কৰা পাচতেই হাহাকাৰ লাগিছে গ্ৰাহকসকলৰ মাজতো ।

ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাৰ সমান্তৰালভাৱে ডিব্ৰুগড় সদৰ থানাত আজি পৰ্যন্ত আৰক্ষীয়ে নিজাকৈ দুটা অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । ২২ বছৰীয়া বিশাল ফুকন আৰু তেওঁৰ সহযোগী কেইবাজনকো গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড়ৰ আৰক্ষীয়ে Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত অসমৰ দায়িত্বত থকা ৰঞ্জিত কাকতি নামৰ এজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ।

৩১৬/৩১৮ সংলগ্ন ২১/২৩ Banning of unregulated deposite scheme act ৰ জৰিয়তে গোচৰ ৰুজু কৰি তদন্ত চলাইছে ডিব্ৰুগড় আৰক্ষীয়ে । ইতিমধ্যে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত আছে ৰঞ্জিত কাকতি । বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ কাহিনীৰ তদন্ত প্ৰায় শেষ হ'বলৈ ধৰাত ডিব্ৰুগড় আৰক্ষীয়ে ৰঞ্জিত কাকতিৰ Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত ।

ৰঞ্জিত কাকতিৰ সহযোগীক বিচাৰি ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান । Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙৰ প্ৰৱঞ্চনাত নাম সাঙোৰ খাইছিল টেঙাখাত খণ্ড প্ৰাথমিক চিকিৎসালয়ত MPW পদত কৰ্মৰত প্ৰফুল্ল বৰা নামৰ এজন কৰ্মচাৰী । কিন্তু এইগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে বিশাল ফুকনক আটক কৰা পাচতে প্ৰথমে স্বাস্থ্যজনিত কাৰণত ছুটী লৈছিল যদিও ইয়াৰ পাচতে আজি পৰ্যন্ত প্ৰফুল্ল বৰা যোৱা ২২ দিন ধৰি অকৰ্তৃত্বশীলভাৱে অনুপস্থিত নিজৰ কৰ্মক্ষেত্ৰত ।

বুধবাৰে বিয়লি টেঙাখাত খণ্ড প্ৰাথমিক চিকিৎসালয়ত MPW পদত কৰ্মৰত প্ৰফুল্ল বৰাৰ চৰকাৰী বাসগৃহত টেঙাখাত আৰু ডিব্ৰুগড় জিলা আৰক্ষীৰ অতৰ্কিতে অভিযান অভিযান চলায় । প্ৰফুল্ল বৰা বেমাৰৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱা বুলি বিগত ২২ দিনেই অনুপস্থিত কৰ্মক্ষেত্ৰত । এইগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰলৈ আহিবলৈ ব্যৱহাৰ কৰিছিল কোটি টকীয়া বিলাসী বাহন অ'ডি আই কিউ ৭ ।

  • প্ৰফুল্ল বৰা চৰকাৰী বাসগৃহত তালাচী চলোৱাক লৈ কি কয় আৰক্ষীয়ে :

Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত প্ৰৱঞ্চনাত নাম সাঙোৰ খাইছিল টেঙাখাত খণ্ড প্ৰাথমিক চিকিৎসালয়ত MPW পদত কৰ্মৰত প্ৰফুল্ল বৰাৰ চৰকাৰী বাসগৃহত টেঙাখাত আৰু ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষীয়ে অভিযান চলাইছিল যদিও মিলন নগৰ আৰক্ষীয়ে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই ।

টেঙাখাত থানা বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, টেঙাখাত খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ উপস্থিতিত বুধবাৰে বিয়লি ২ বজাত তালাচী চলোৱা হৈছিল । বিলাসী বাহন বা লেপটপ, কম্পিউটাৰ আদি জব্দ কৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিলেও কিবা নথি-পত্ৰ জব্দ কৰা হৈছে নে নাই তদন্তৰ খাতিৰত ক'ব নোৱাৰি বুলি মন্তব্য কৰে আৰক্ষীয়ে ।

  • প্ৰফুল্ল বৰাৰ সম্পৰ্কত কি কয় টেঙাখাত খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ কৰ্তৃপক্ষই :

টেঙাখাত খণ্ড প্ৰাথমিক চিকিৎসালয়ত MPW পদত কৰ্মৰত প্ৰফুল্ল বৰা ২৭ আগষ্টৰ পৰাই নিজৰ দায়িত্বত উপস্থিত নাই । পৰিয়ালৰ সৈতে চিকিৎসালয়ৰ চৰকাৰী গৃহত আছিল যদিও সেই বাসগৃহটোত বৰ্তমান কোনো নাই । আজি আৰক্ষীয়ে তলা ভাঙি তালাচী চলায় । কি কি উদ্ধাৰ কৰিছে সেই সম্পৰ্কত আৰক্ষীয়ে কোনো কথা অৱগত কৰা নাই ।

অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী জড়িত থকা বিষটোৱে সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । স্বাস্থ্যজনিত কাৰণত নিজৰ কৰ্মৰ দায়িত্বৰ পৰা পলাই থকা প্ৰফুল্ল বৰাৰ বিৰুদ্ধে আৰক্ষী আৰু স্বাস্থ্য বিভাগে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক : অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত অভিযুক্ত বিশাল ফুকনক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ - Online Trading Scam

লগতে পঢ়ক : ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশালৰ সৈতে একেলগে থাকিব চুমী-তাৰ্কিক-অম্লান - Sumi Borah controversy

লগতে পঢ়ক : মাইনাও ব্ৰহ্মৰ ট্ৰেডিং কেলেংকাৰী; বাক্সা আৰক্ষীয়ে লাভ কৰিছে ১.৯৭ কোটিৰ তথ্য - Baksa trading scam

লগতে পঢ়ক : ট্ৰেডিং কেলেংকাৰী; ভুৱা প্ৰচাৰৰ বলি হ'ল নেকি জ্যেষ্ঠ চিকিৎসক ? - Assam Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.