ETV Bharat / state

কোনে ক’ত খেলিব উপ-নিৰ্বাচন; মুখ্যমন্ত্ৰীৰ ঘোষণা ! - CM on Bye Poll

author img

By ETV Bharat Assamese Team

Published : 21 hours ago

Assam bye Poll: উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ হৈ ক’ত কোনে প্ৰতিদ্বন্দিতা কৰিব ? ক’লে মুখ্যমন্ত্ৰীয়ে ৷ বি পি এফ, ইউ পি পি এলৰ মিত্ৰতা হোৱাটোও বিচাৰিছে ড৹ শৰ্মাই ৷ আমছুৰ ল’ৰাই মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ ক্ষেত্ৰত কি ইতিবাচক দিশ দেখিলে মুখ্যমন্ত্ৰীয়ে ?

Chirang CM at BJP UPPL AGP meeting for byeletion
Chirang CM at BJP UPPL AGP meeting for byeletion (ETV Bharat Assam)

চিৰাং, 18 ছেপ্টেম্বৰ: বুধবাৰে চিৰাং জিলাৰ চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । চিৰাঙৰ বঙাইগাঁও শোধনাগাৰৰ বিনোদন কেন্দ্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ইউ পি পি এল, বিজেপি আৰু অগপ দলৰ চিদলী চিৰাং বিধানসভা সমষ্টিৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ।

বৈঠকত মিত্ৰজোঁটৰ শীৰ্ষ নেতৃত্বৰে উপ-নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে ড৹ শৰ্মাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মন্ত্ৰী অশোক সিংহল, মন্ত্ৰী ইউ জি ব্ৰহ্ম, অগপ সাংসদ ফণীভূষণ চৌধুৰী, বি টি চি প্ৰধান প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ লগতে কেবাজনো বিধায়ক উপস্থিত থাকে । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দলীয় কৰ্মকৰ্তাক নিজৰ দলৰ প্ৰাৰ্থীগৰাকীক বিজয় কৰিবলৈ কিদৰে কাম কৰিব তাৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে ।

মুখ্যমন্ত্ৰীয়ে সভাৰ অন্তত সংবাদ মাধ্যমক জনায় যে অহা অক্টোবৰ অথবা নৱেম্বৰৰ ভিতৰতে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । আজি বিজেপি, ইউ পি পি এল, অগপৰ যৌথ সভা হয় । ইয়াত বিশেষকৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ কিদৰে কাম কৰিব লাগিব সেই বিষয়ে আলোনা হয় বুলি কয় মুখ্যমন্ত্ৰীয়ে । উপ-নিৰ্বাচনত চামগুৰিত বিজেপি, বঙাইগাঁৱত অগপ আৰু চিদলীত ইউ পি পি এল দলে প্ৰাৰ্থী দিব বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে বি পি এফ-ইউ পি পি এল দল লগ লাগিলে ভাল হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

আনহাতে তেওঁ কয়, ‘‘অশান্ত অঞ্চল এতিয়া শান্তিপূৰ্ণ হৈছে, গতিকে আমি মিলিজুলি থাকিব পাৰিলে আমাৰ বাবে ভাল ৷ অসমত এতিয়া নিৰাপত্তাৰ কোনো অসুবিধা নাই ৷ আমছুৰ ল’ৰা আগত ওলাব পৰা নাছিল, কিন্তু আজি নিৰাপত্তা পোৱাৰ বাবে ওলাব পাৰিছে ৷ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিব পাৰিছে ৷’’

ড৹ শৰ্মাই কয়, ‘‘বি টি আৰৰ ইএম অৰূপ দে’ক বিতৰ্কত সোমাবলৈ মানা কৰা হৈছে । পাখি গজিছে অৰূপ দে’ৰ । ৰাজনৈতিক ব্যক্তি ৰাইজৰ সৈতে মিলি থাকিব লাগিব । গতিকে ভালদৰে থাকিলেহে পৰৱৰ্তী সময়ত ভাল হ’ব । পৰিষদীয় নিৰ্বাচনত ইউ পি পি এলৰ সৈতে মিত্ৰতা নাথাকে, কিয়নো তেওঁলোকে আমাক আসন দিব নোৱাৰিব । বিজেপিয়ে বড়ো জনগোষ্ঠীৰ ক্ষতি হোৱাটো নিবিচাৰে ৷ পূৰ্বৰ দৰেই পৰিষদীয় নিৰ্বাচনৰ পিচত বাহাল থাকিব মিত্ৰতা ।’’

লগতে পঢ়ক: মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে কংগ্ৰেছ দল খিলঞ্জীয়া বিৰোধী নহয়: উদাহৰণসহ প্ৰত্যুত্তৰ বিৰোধী দলপতিৰ - Opposition Leader Debabrata Saikia

লক্ষ্য যুৱপ্ৰজন্ম; অসমত কি দৰে চলিছে বিজেপিৰ সদস্যভৰ্তি অভিযান ? - Membership campaign of BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.