ধুবুৰী, ২৫ জুন:ধুবুৰীত গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । সোমবাৰে নিশা আৰক্ষীয়ে গৰুভৰ্তি এখন বাহন জব্দ কৰে । গৌৰীপুৰৰ বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমা চেত্ৰীৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান । অভিযানত আৰক্ষীয়ে ৫ টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় । পশ্চিমবংগৰ পৰা ধুবুৰী অভিমুখে অহা AS 01 B 6895 নম্বৰৰ বিলাসী বাহনখনত চোৰাংকৈ নিয়া হৈছিল পশুধনসমূহ ।
ধুবুৰীত গৰুভৰ্তি বিলাসী বাহন জব্দ
Published : Jun 25, 2024, 6:53 AM IST
![ধুবুৰীত গৰুভৰ্তি বিলাসী বাহন জব্দ Cattle smuggling](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-06-2024/1200-675-21788786-thumbnail-16x9-cow-01-aspera.jpg)
ধুবুৰীত গৰুভৰ্তি বিলাসী বাহন জব্দ (ETV Bharat)
কিন্তু বালাজান আৰক্ষীৰ সন্দেহ হোৱাত ধেৱধেবীত বাহনখন জব্দ কৰে । বাহনখনত দুজন লোক আছিল যদিও তেওঁলোকে কৰে পলায়ন ৷ আৰক্ষীয়ে বাহনখনৰ গৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে । লগতে ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।