গুৱাহাটী, ২২জুন: গুৱাহাটী মহানগৰীৰ বৰবাৰীৰ ভি আই পি ৰোড পেট্ৰল পাম্পৰ বিপৰীতে থকা ছ'নী টাইলছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ পুত্ৰক আলফা (স্বাধীন)ৰ নামত ধন দাবী কৰা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে । ফোনযোগে দাবী কৰা ধন সময়মতে নিদিলে গুলীয়াই হত্য়া কৰাৰ ভাবুকি দিয়ে কোনো অজ্ঞাত ব্যক্তিয়ে ।
মহানগৰীত আলফা (স্বাধীন)ৰ নামত ব্যৱসায়ীক ধন দাবী
Published : Jun 22, 2024, 10:20 PM IST
![মহানগৰীত আলফা (স্বাধীন)ৰ নামত ব্যৱসায়ীক ধন দাবী Money demand in the name of ULFA independent](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-06-2024/1200-675-21773507-thumbnail-16x9-gh-aspera.jpg)
গুৱাহাটী মহানগৰীৰ বৰবাৰীত ধন দাবী (ETV BHARAT ASSAM)
ছ'নী টাইলছৰ স্বত্বাধিকাৰী প্ৰমোদ ভগতৰ পুত্ৰ পংকজ ভগতক যোৱা ১৩ জুনৰ নিশা ৭.২৪ বজাত আলফা (স্বাধীন)ৰ নাম লৈ কোনো লোকে ধন দাবী কৰে । পিচদিনা ধন নিবলৈ অহাৰ কথা আছিল আলফা (স্বাধীন)ৰ নামত ধন বিচৰা অজ্ঞাত লোকজনে । ঘটনা সন্দৰ্ভত সেইদিনাই দিছপুৰ আৰক্ষী থানাত ধন দাবী কৰা সন্দৰ্ভত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে ।