হোজাই/মৰাণ : হোজাই জিলাখনৰ মাজ ডাবলঙত পুখুৰীত উদ্ধাৰ এটা মৃতদেহ । মৃতদেহটো মিনাৰা বেগম নামৰ এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে । বিবাহিত মহিলাগৰাকী লংকাৰ মাজ ডাৱলঙৰ এটা ঘৰত ভাৰাতীয়া হিচাপে আছিল । ভাড়াঘৰৰ কাষৰ পুখুৰীতে উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ । কোনো লোকে মহিলাগৰাকীক হত্যা কৰি মৃতদেহটো পুখুৰীত পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে । ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি নগাঁৱলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।
ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতে জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা ঘটনাস্থলীত উপস্থিত হৈ তদন্তৰ নেতৃত্ব দিছে । প্ৰাথমিক অনুসন্ধানত এয়া হত্যাকাণ্ড বুলিয়ে সন্দহ কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে । জানিব পৰা মতে মিনাৰা বেগম লংকাৰ ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ত কৰ্মৰত আছিল ।
মৰাণত চাঞ্চল্যকৰ হত্যাকাণ্ড:
চৰাইদেউৰ সাপেখাতীত নৃশংস হত্যাকাণ্ড । সাপেখাতীৰ উজনিকুৰি গাঁৱত স্বামীৰ আক্ৰমণত নিহত এগৰাকী মহিলা ! নিহত মহিলাগৰাকী শুকুৰমণি কৰোৱা বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি স্বামী দেবাৰো কৰোৱাই পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল । য'ত থিতাতে মহিলাগৰাকীৰ মৃত্যু হয় । স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে আৰু গাঁওৰক্ষী বাহিনীয়ে সাপেখাতী আৰক্ষীক অৱগত কৰে ।
ঘটনাস্থলীত সাপেখাতী আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনা সংঘটিত কৰি স্বামী দেবাৰো কৰোৱা পলায়ন কৰে । দুই সন্তানৰ পিতৃ হত্যাৰ অভিযুক্ত দেবাৰো কৰোৱাক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । ইফালে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । ঘটনাটোক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । গাঁওৰক্ষী বাহিনীৰ সদস্যই জনোৱা মতে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰিছিল মহিলাগৰাকীৰ বোৱাৰীয়ে । বোৱাৰীৰ চকুৰ সন্মুখত দেবাৰো কৰোৱাই পত্নীক আক্ৰমণ কৰিছিল ।
লগতে পঢ়ক :গুৰিয়াই নাৱৰ পৰা পেলাই দিয়া মনোজৰ নিথৰ দেহ উপঙিল মাতমৰাত