ETV Bharat / state

পঞ্চায়ত নিৰ্বাচনৰ পাচতে আৰম্ভ হ’ব এডভাণ্টেজ আছাম- 2.O - ADVANTAGE ASSAM SECOND EDITION

পঞ্চায়ত নিৰ্বাচনৰ পিছতে ৰাজ্যত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ'ব । সন্মিলনখন প্ৰধানমন্ত্ৰীয়ে কৰিব উদ্বোধন ।

Advantage Assam
ফেব্ৰুৱাৰীত ৰাজ্যত পুনৰ এডভাণ্টেজ আছাম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 8:28 PM IST

গুৱাহাটীত : ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব "এডভাণ্টেজ আছাম ২.০"। এই কথা আজি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি কয়, "ৰাজ্যত বিনিয়োগৰ সম্ভাৱনা বৃদ্ধিৰ বাবে এডভাণ্টেজ আছাম অনুষ্ঠিত কৰা হৈছিল । যোৱা চাৰিটা বৰ্ষত ৰাজ্যত বহু বিনিয়োগকাৰী আহিছে । অসমলৈ উভতি অহা শান্তি পৰিৱেশৰ বাবে অসমত বিনিয়োগকাৰী আহিছে ।"

এডভাণ্টেজ আছাম-২.০

অহা ২৪-২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনখন মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সামৰণি অনুষ্ঠানত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থকাৰ সম্ভাৱনা আছে । এই সন্মিলনখনত বিনিয়োগ আৰু আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়া হ'ব । সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, ৰে'লমন্ত্ৰীৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব । যিহেতু সন্মিলনখনত দেশ-বিদেশৰ বহু বিনিয়োগকাৰী আহিব সেয়েহে তাত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে । ৰাজ্যৰ ৮০০ খন চাহ বাগিচাৰ প্ৰতিখনৰ পৰা ৩২ গৰাকীকৈ নাচনী আৰু কলা-কুশলী আহিব আৰু মুঠ ৭৫০০ গৰাকীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব ।

দেশ-বিদেশৰ বিনিয়োগকাৰীৰ সন্মুখত অসমৰ কৃষ্টি সংস্কৃতি প্রদর্শন কৰা হ'ব । সন্মিলনখনৰ বাবে ছিংগাপুৰ, জাপান, আমেৰিকা, ব্ৰিটেইন, ডুবাই, ভুটানলৈ চৰকাৰী প্ৰতিনিধি দল যোৱাৰ উপৰিও মুম্বাই, নতুন দিল্লী, হায়দৰাবাদ, বেংগালুৰু, আহমেদাবাদ, চেন্নাই, কলকতা চহৰত ৰোড শ্ব' কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদমেলত ঘোষণা কৰিছে ।

পঞ্চায়ত নিৰ্বাচন আৰু বাজেট অধিবেশন :

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, "এডভাণ্টেজ আছাম ২.০ৰ বাবে ১২-১৩ ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন সামৰিব বিচৰা হৈছে । জানুৱাৰীত পঞ্চায়ত নিৰ্বাচনৰ নটিফিকেচন দিয়া হ'ব । ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিবেশনো অনুষ্ঠিত হ'ব । বাজেট অধিবেশনৰ এটা দিন কোকৰাঝাৰত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে । এই সন্দৰ্ভত দুই এদিনত বিটিআৰ কৰ্তৃপক্ষৰ লগত কথা পাতি সিদ্ধান্ত লোৱা হ'ব ।"

নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "অহা বিধানসভা নিৰ্বাচনত লাহৰীঘাট, ৰূপহী, দক্ষিণ কৰিমগঞ্জ, উত্তৰ কৰিমগঞ্জ, চামগুৰি সমষ্টিত নিৰ্বাচনী ফলাফল লক্ষণীয় হ'ব । বিজেপি দলে এই সমষ্টি কেইটাত তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিব । উপ-নিৰ্বাচনৰ ৫ খন আসনে শাসকীয় দলে লাভ কৰাৰ বাবে ৰাইজক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীয়ে । আগন্তুক দিনত দুগুণ উৎসাহেৰে কাম কৰাৰ বাবে প্ৰেৰণা পোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । ইফালে বিহালী সমষ্টি সম্পৰ্কে মন্তব্য কৰি তেওঁ লগতে কয়, "বিহালী সমষ্টি বঙাইগাঁও, চিদলী, ধলাই সমষ্টিৰ তাৎপৰ্য সমানেই আছিল । কিন্তু অসমৰ সংবাদ মাধ্যমে কেৱল বিহালী সমষ্টিক হে গুৰুত্ব দিছিল । ২৫ বছৰৰ মূৰত আমি চামগুৰি সমষ্টি কংগ্ৰেছৰ পৰা বিজেপিলৈ আনিবলৈ সক্ষম হ'লো । বদৰুদ্দিন আজমল নোহোৱা হ'লে বিজেপি অধিক লাভাম্বিত হ'ব ।"

চামগুৰি সমষ্টিত বদৰুদ্দিন আজমল নোহোৱাৰ বাবে বিজেপি অধিক লাভান্বিত হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । অখিল গগৈয়ে কংগ্ৰেছক প্ৰেচাৰ দিবলৈহে সংখ্যালঘু অঞ্চলত কাম কৰি আছে বুলি তেওঁ অভিযোগ কৰে । ৰজাৰ ল'ৰাৰ হ'লেহে বিহালীৰ ধাবাত ৰাজনীতিৰ কথা পাতিবলৈ ক'ব পাৰে বুলি গৌৰৱ গগৈকো ইতিকিং কৰে মুখ্যমন্ত্ৰীয়ে ।

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰীয়ে কয়, "ঝাৰখণ্ডত মই জিকিম বুলি কোৱা নাছিলো । মোৰ উত্তৰ এমাহ আগতেই মই আপোনালোকক দিছিলো । ঝাৰখণ্ড বহু কঠিন ৰাজ্য কিন্তু পূৰ্বতকৈ ফলাফল ভাল হৈছে ।"

লগতে পঢ়ক :লোন দান কৰিলে মনোবাঞ্চা পূৰণ হোৱা বৰভেটিত ২৫৭ সংখ্যক ন-লগোৱা উৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.