ETV Bharat / state

গড়াজানৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তৰ বাবে এছআইটি গঠনৰ নিৰ্দেশ হৰমিত সিঙৰ - NAGAON MURDER CASE

গড়াজান হত্যাকাণ্ড তদন্তৰ বাবে এছআইটি গঠনৰ নিৰ্দেশ দিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙে ।

Nagaon murder case
গড়াজানৰ লোমহৰ্ষক হত্যাকাণ্ড; এছআইটি গঠনৰ নিৰ্দেশ হৰমিত সিঙৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 8:13 PM IST

নগাঁও: ৰূপহীহাটৰ গড়াজানৰ লোমহৰ্ষক হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙৰ গুৰুত্বপূৰ্ণ ঘোষণা । হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (এছআইটি) গঠনৰ নিৰ্দেশ দিছে বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙে । দেওবাৰে গড়াজানৰ ঘটনাস্থলীত উপস্থিত হৈ এই নিৰ্দেশ দিয়ে বিষয়াগৰাকীয়ে । হৰমিত সিঙে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্তৰ বুজ লোৱাৰ লগতে ঘটনাটোক লৈ উদ্বেগ প্ৰকাশ কৰে ।

গড়াজানৰ নৃশংস হত্যাকাণ্ড

উল্লেখ্য যে ৰূপহীহাটৰ গড়াজানত শুকুৰবাৰে সন্ধিয়া ঘৰৰ ভিতৰতেই চাৰিজনকৈ লোকৰ মৃতদেহ উদ্ধাৰ হৈছিল । গড়াজানৰ ঘুনুধৰ সৰকাৰৰ বাসগৃহত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড । ঘৰৰ ভিতৰতে পৰিয়ালটোৰ ৩ জন সদস্যৰ লগতে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল । ঘটনাৰ ৩ দিন অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে ঘটনাৰ দোষীৰ সন্ধান উলিয়াব পৰা নাই । ইতিমধ্যে অসম আৰক্ষী আৰু চিআইডিৰ দলে তদন্ত আৰম্ভ কৰিছে ।

গড়াজানৰ লোমহৰ্ষক হত্যাকাণ্ড; এছআইটি গঠনৰ নিৰ্দেশ হৰমিত সিঙৰ (ETV Bharat)

উদ্বেগ প্ৰকাশ হৰমিত সিঙৰ

তাৰ মাজতে নগাঁও আৰক্ষীক এছআইটি গঠন কৰিবলৈ নিৰ্দেশ দিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে । লগতে এই হত্যাকাণ্ডটো অতি মৰ্মান্তিক বুলিও উল্লেখ কৰি আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰ হ'ব বুলি আশ্বাস দিয়ে হৰমিত সিঙে । তেওঁ উল্লেখ কৰা মতে আৰক্ষীয়ে ইতিমধ্যে কিছু তথ্য প্ৰমাণ লাভ কৰিছে যদিও তদন্তৰ খাতিৰত ৰাজহুৱা কৰিব পৰা নাই ।

তেওঁ কয়, "কালি চিআইডি আৰু ফৰেনচিকৰ দল আহি তথ্য প্ৰমাণ সংগ্ৰহ কৰিছে । এতিয়া লেব ৰিপৰ্ট আহিব । ফৰেনচিক আৰু ফিংগাৰ ৰিপৰ্ট আহিব । তাৰ পৰা আমাৰ যি সন্দেহ আছে সেইটো ওলাব । এইটো অতি মৰ্মান্তিক ঘটনা । সমাজত এনে ঘটনা হ'ব নালাগে ।"

লগতে পঢ়ক :প্ৰেমজনিত সংঘাতৰ কৰুণ পৰিণতি; চাৰিজনকৈ লোকৰ নৃশংস হত্যাকাণ্ডই জোকাৰিছে নগাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.