অসম

assam

ধিক্কাৰ ! পৃথিৱীত ভৰি থৈয়েই ভৰলু নৈ পালেগৈ নৱজাতক

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 7:43 PM IST

Body of newborn baby Found in Guwahati
হায় মানৱতা ! (ETV Bharat)

গুৱাহাটী, ১৯ জুলাই :হায় মানৱতা ! কোনো হৃদয়হীন লোকে গুৱাহাটী মহানগৰীৰ ভৰলু নৈত পেলই থৈ গ’ল এটি নৱজাতক ৷ শুকুৰবাৰে মহানগৰীৰ বিষ্ণুপুৰ GMC কলনীৰ সমীপত ভৰলু নৈৰ পৰা উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মৃত নৱজাতকটোক ।

দুদিন পূৰ্বে নৱজাতকটোক পেলাই দিয়াৰ সন্দেহ আৰক্ষীৰ । স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পিচতে আৰক্ষীক খবৰ দিয়ে । তৎক্ষণাতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে নৱজাতকটোৰ মৃতদেহটো উদ্ধাৰ কৰে । কোনো লোকে নিজৰ অপকৰ্ম ঢাকিবলৈ দেৱ শিশুটিক এনেদৰে হত্যা কৰি নৈত পেলাই দিছে বুলি স্থানীয় লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

ABOUT THE AUTHOR

...view details