অসম

assam

ETV Bharat / snippets

আই নৈত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 9:30 PM IST

Body of man found in Ai river at Manikpur in Bongaigaon
আই নৈত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

বঙাইগাঁও,২৫ জুলাই:বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং ভাণ্ডাৰাত আই নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ । প্ৰথম অৱস্থাত মৃতদেহটো চিনাক্ত হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে মৃতদেহটো বিজনীৰ সঞ্জীৱ সাহা বুলি চিনাক্ত কৰে । সাহাই যোৱা ২৩ জুলাইত বেংকলৈ বুলি ঘৰৰ পৰা ওলাই অহাৰ পাচৰে পৰা নিৰুদ্দেশ হৈ আছিল ।

অৱশেষত বৃহস্পতিবাৰে ৪ নং ভাণ্ডাৰাত উদ্ধাৰ হয় সাহাৰ মৃতদেহ । খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত গেৰুকাবাৰী টহলদাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য ।

ABOUT THE AUTHOR

...view details