ধুবুৰী, 22 জুন :ধুবুৰীত অঘটন । নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগী AS 17H 8357 নম্বৰৰ বাহন এখন বাগৰি পৰিল গদাধৰ নৈত । তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷
নিয়ন্ত্ৰণ হেৰুৱাই গদাধৰ নৈত পৰিল বাহন
Published : Jun 22, 2024, 11:32 AM IST
![নিয়ন্ত্ৰণ হেৰুৱাই গদাধৰ নৈত পৰিল বাহন Accident in Dhubri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-06-2024/1200-675-21768556-thumbnail-16x9-dhubri.jpg)
নৈত পৰিল বাহন (ETV Bharat Assam)
বাতৰি যুগুত কৰা পৰলৈকে বাহনখনত চালকজনৰ বাহিৰে আন কোনো যাত্ৰী নাছিল বুলি জানিব পৰা গৈছে ৷ চালকজনৰ নাম হাকিম ৰহমান, ঘৰ গৌৰীপুৰৰ বেপাৰীপট্টিত বুলি ধুবুৰী আৰক্ষীয়ে পৰিচয় লাভ কৰিছে ৷ দুৰ্ঘটনা সংগঠিত হোৱা প্ৰায় বহু সময়ৰ অন্তত SDRF বাহিনীৰ দলে অভিযান চলাই বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷