অসম

assam

ETV Bharat / snippets

বানত ডুবি ৭৫ বছৰীয়া বৃদ্ধৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 8:31 PM IST

man drowns in Kaliabor
বানত ডুবি ৭৫ বছৰীয়া বৃদ্ধৰ মৃত্যু (Etv Bharat Assam)

কলিয়াবৰ, ৮ জুলাই: কলিয়াবৰত বানত ডুবি এজন লোকৰ মৃত্যু ৷ নিহত লোকজন জখলাবন্ধাৰ কেৰিবাকৰিৰ ৰজনী বৈষ্ণৱ (৭৫) ৷ কলিয়াবৰৰ হাতীমূৰা মথাউৰিত থকা বান শিবিৰৰ পৰা বানৰ কৱলত থকা কেৰিবাকৰিৰ ঘৰৰ পৰা সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তে পানীত ডুবি মৃত্যু হয় ৰজনী বৈষ্ণৱৰ ।

স্থানীয় ৰাইজে পানীৰ পৰা উদ্ধাৰ কৰি ৰজনী বৈষ্ণৱক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । লোকজনৰ মৃত্যুৰ তথ্য লাভ কৰাৰ পাচতেই ঘটনাৰ বুজ ল'বলৈ কলিয়াবৰ অসামৰিক চিকিৎসালয়ত মহকুমাধিপতি, ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী বিষয়া উপস্থিত হয় । আৰক্ষীৰ যাৱতীয় কাম-কাজৰ সম্পূৰ্ণ হোৱাৰ পাচত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ পঠোৱা হ’ব ।

ABOUT THE AUTHOR

...view details