মহানগৰীৰ ভাৰাঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ - YOUTH FOUND DEAD IN GUWAHATI - YOUTH FOUND DEAD IN GUWAHATI
Published : Jul 23, 2024, 8:40 PM IST
গুৱাহাটী, ২৩ জুলাই: অপৰাধীৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী ৷ ৰূপনগৰৰ শংকৰদেৱ পথৰ হাউচ নং ১৮ ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ ভাৰাঘৰৰ শোৱাপাটীত মৃতদেহ উদ্ধাৰ হৈছে পংকজ বৈশ্য নামৰ এজন যুৱকৰ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, বিগত চাৰি বছৰ ধৰি ৰূপনগৰৰ শংকৰদেৱ পথত থকা গকুল দৈমাৰীৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল নলবাৰীৰ জাগাৰাৰ যুৱক পংকজ বৈশ্য ৷ ৪ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা পংকজ বৈশ্যৰ সৈতে মহানগৰীৰ ভাড়াঘৰত আছিল পত্নীও ৷
অভিযোগ অনুসৰি, পংকজ বৈশ্যৰ পৰা ভাড়াঘৰৰ স্বত্বাধিকাৰীয়ে প্ৰায় দুবছৰ পূৰ্বে ৪০ হাজাৰ টকা ধাৰলৈ লৈছিল ৷ দেওবাৰে পংকজে পত্নীৰ চিকিৎসাৰ বাবে ধাৰ লোৱা টকাখিনি ওভতাই বিচাৰে ৷ এই ধনক কেন্দ্ৰ কৰিয়ে দুয়োপক্ষৰ মাজত সূত্ৰপাত ঘটিছিল কাজিয়াৰ ৷ কেৱল এয়াই নহয়, গকুল দৈমাৰীৰ পৰিয়ালে পংকজ বৈশ্য আৰু পত্নীকো মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
সোমবাৰে যুৱকজনৰ পত্নীয়ে মাকৰ ঘৰলৈ যোৱাৰ এদিন পিচত অৰ্থাৎ মঙলবাৰে ভাৰাঘৰত অকলশৰীয়াকৈ থকা পংকজ বৈশ্যৰ শোৱাপাটীত মৃতদেহ উদ্ধাৰ হয় ৷ ২৮ বছৰীয়া জাগাৰাৰ পংকজ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ৱাৰ্ড বয় হিচাপে কৰ্মৰত আছিল ৷
যুৱকজনৰ মৃত্যুৰ বাবে পৰিয়ালৰ লোকে সন্দেহৰ আঙুলি টোৱাইছে ভাৰাঘৰৰ স্বত্বাধিকাৰীৰ প্ৰতি ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ অনুসন্ধানতহে প্ৰকৃত সত্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷