আগে আগে দৌৰিছে মানুহ পিচে পিচে হাতী, শিহৰণকাৰী দৃশ্য বন্দী কেমেৰাত - Wild Elephant Menace
Published : Mar 18, 2024, 8:55 AM IST
হোজাই, 18 মাৰ্চ: খং উঠিল গজৰাজৰ ৷ তাৰ পিছত খঙৰ ভমকতে বন্যহস্তীয়ে চোঁচা ল’লে সাধাৰণ লোকলৈ ৷ প্ৰাণৰ মায়াত উপায়ন্তৰ হৈ পলাই পত্ৰং ভীতিগ্ৰস্ত লোকৰ ৷ এয়া কোনো অটব্য অৰণ্যৰ ভিতৰৰ দৃশ্য নহয় ৷ হোজাইৰ জাঠিহুৰাত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনাটো । সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছে ম’বাইলত ।
দেওবাৰৰ দিনৰ ভাগত এই ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷ বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰে এটা বন্যহস্তীয়ে । বন্যহস্তীটোৰ আক্ৰমণত গুৰুতৰভাৱে এগৰাকী মহিলা আহত হয় বুলি জানিব পৰা গৈছে ৷ আহত মহিলাগৰাকীৰ নাম ডিমুলি কেম্প্ৰাই বুলি জানিব পৰা গৈছে । মহিলাগৰাকীৰ ঘৰ হোজাইৰ ৰাইকতা কছাৰী গাঁওত বুলি জানিব পৰা গৈছে ।
আহত মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় চিকিৎসাৰ বাবে । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত বনাঞ্চললৈ খেদি পঠিওৱা হয় বন্যহস্তীটো ।
লগতে পঢ়ক: নগাঁৱত বনৰীয়া ম'হৰ আক্ৰমণত আহত এজন