অসম

assam

ঘৰৰ ভিতৰতে উদ্ধাৰ পত্নীৰ মৃতদেহ, মুমূৰ্ষু অৱস্থাত উদ্ধাৰ স্বামীক - Mysterious murder case

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 8:40 PM IST

ঘৰৰ ভিতৰতে উদ্ধাৰ পত্নীৰ মৃতদেহ, মুমূৰ্ষু অৱস্থাত উদ্ধাৰ স্বামীক (ETV Bharat Assam)

চামগুৰি,২৭ জুন: নগাঁৱৰ চামগুৰিত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । ঘৰৰ ভিতৰতেই পত্নীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে মুমূৰ্ষু অৱস্থাত স্বামীক উদ্ধাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য । চামগুৰিৰ ১নং চিমনাবস্তিত নিশা সংঘটিত হৈছে এই ৰহস্যজনক ঘটনা । দম্পতীটোৰ ওপৰত কোনে এনেদৰে আক্ৰমণ চলালে সেয়া স্পষ্ট হোৱা নাই যদিও স্বামী-স্ত্ৰীৰ মাজত হোৱা পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে ।  

নিশা সুৰাসক্ত হৈ স্বামী-স্ত্ৰীয়ে মাৰপিট কৰাৰ সন্দেহ প্ৰকাশ কৰে একাংশ প্ৰতিবেশীয়ে । মৃত পত্নীৰ নাম মীনা গড় আৰু স্বামী বিনোদ গড় বুলি জানিব পৰা গৈছে । মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হোৱা বিনোদ গড়ক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ।

লগতে পঢ়ক: কান্দি কান্দি পুলিবৰ থানাৰ চৌহদত ন্যায় বিচাৰিলে অনুপমৰ পৰিয়ালে - Public protest in police station

ছুটীত আহি চি আৰ পি এফ জোৱানে ঘৰৰ ভিতৰতে প্ৰেমিকৰ সৈতে পালে পত্নীক : তাৰ পিচতেই ঘটিল হত্যাকাণ্ড - CRPF jawan murder

ঘাতকৰ ৰূপত মাৰাত্মক ড্ৰাগছ : পুত্ৰৰ আক্ৰমণত প্ৰাণ হেৰুৱালে মাতৃয়ে - Drugs Addict Son Kills Mother

ABOUT THE AUTHOR

...view details