পানীৰ সংকটত সমগ্ৰ মধ্য অসম: কামপুৰ কঠিয়াতলীৰ ৰাইজে পাতিলে ভেকুলী বিয়া - Frog Marriage
Published : Mar 20, 2024, 7:22 PM IST
বঢ়মপুৰ, ২০ মাৰ্চ: পানীৰ সংকটত সমগ্ৰ মধ্য অসম ৷ জান, জুৰি, নৈ, খাল, বিল আদি শুকাই যোৱাৰ ফলত এতিয়া এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে মধ্য অসমৰ জনতাই ৷ বিশেষকৈ বানপীড়িত অঞ্চল হিচাপে পৰিগণিত হোৱা কামপুৰ কঠিয়াতলীৰ বিভিন্ন অঞ্চলত কৰা বড়ো ধানৰ খেতিত মেলিছে বৃহৎ বৃহৎ ফাঁট ৷ যাৰবাবে এতিয়া ৰাইজে আশ্ৰয় লৈছে নেদেখাজনৰ ওচৰত ৷
নগাঁৱৰ বঢ়মপুৰৰ কঠিয়াতলী নামবৰ লালুং গাঁৱৰ ৰাইজে পৰম্পৰাগত নিয়ম অনুসৰি অনুষ্ঠিত কৰিছে ভেকুলী বিয়া ৷ আয়তীৰ উৰুলি আৰু বিয়া নামত মুখৰিত হয় বিবাহস্থলী ৷ স্থানীয় মহিলাসকলে নিয়ম অনুসৰি ভেকুলী নোৱাই-ধোৱাই বিবাহ সম্পন্ন কৰিলে বৰুণ দেৱতা সন্তুষ্ট হয় বুলি বিশ্বাস কৰি আহিছে ৷ যাৰবাবে গাঁওখনৰ শিশুৰ পৰা বৃদ্ধ-বনিতালৈ সকলো ওলাই আহি নাচি বাগি ভেকুলী বিয়া অনুষ্ঠিত কৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন হয় এজাক বৰষুণৰ বাবে ৷