অসম

assam

ETV Bharat / videos

দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী বিৰুদ্ধে অভিযান অব্যাহত থাকিব: মুখ্যমন্ত্ৰী - Ranger Iqbal Ahmed - RANGER IQBAL AHMED

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 9:23 PM IST

যোৰহাট, 15 জুন : উৎকোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতত আটক হোৱা যোৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ ৰেঞ্জাৰ ইকবাল আহমেদৰ চৰকাৰী আৱাসত অভিযান ৷ আটকাধীন বিষয়াগৰাকীক লগত লৈ তেওঁৰ চৰকাৰী আৱাসতো অভিযান চলায় দুৰ্নীতি নিবাৰক শাখাই ৷ এই অভিযানত দুৰ্নীতি নিবাৰক শাখাই বিষয়াজনৰ চৰকাৰী আৱাসৰ পৰা কেবা লাখ টকা জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷

আনহাতে এই ঘটনা সন্দৰ্ভত আজি যোৰহাটৰ টীয়কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে, ৰাইজৰ সহযোগত দুনীৰ্তিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব ৷ কোনো কাৰণতে এই অভিযান থমকি নৰয় বুলি কয় তেওঁ ৷  

উল্লেখ্য যে, দুৰ্নীতিগ্ৰস্ত বিষয়া ইকবাল আহমেদে যোৰহাটত তিনি বছৰ থাকি অগাধ সম্পত্তিৰ গৰাকী হৈছিল আৰু পইচা অবিহনে এই গৰাকী বিষয়াই কোনো কাম নকৰে আৰু ফাইলতো চহী নকৰে বুলি চৰ্চা অব্যাহত আছিল ৷ ইফালে দুনীৰ্তিগ্ৰস্ত বিষয়াজনক চাবলৈ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সন্মুখত ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় আৰু তেওঁক লৈ যোৱাৰ সময়ত ৰাইজে চোৰ চোৰ বুলি চিঞৰি উঠে ৷

লগতে পঢ়ক : উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত বন বিভাগৰ ৰেঞ্জাৰ ইকবাল আহমেদ - Ranger Iqbal Ahmed

ABOUT THE AUTHOR

...view details