ভুৱা পৰীক্ষাৰ্থী কৰায়ত্ব কৰাৰ পিচতে বীৰ লাচিত সেনাৰ কৰ্মীক গ্ৰেপ্তাৰ - কৰ্মচাৰী বাছনি আয়োগ
Published : Feb 27, 2024, 4:00 PM IST
গুৱাহাটী, 27 ফেব্ৰুৱাৰী: কৰ্মচাৰী বাছনি আয়োগ(SSC)ৰ পৰীক্ষাৰ ভুৱা পৰীক্ষাৰ্থী ধৰিবলৈ আহি আজাৰা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল বীৰ লাচিত সেনাৰ ছগৰাকী সদস্য ৷ বৰঝাৰ বিমান বন্দৰৰ সমীপৰ E-com টাৱাৰত ভুৱা নথি-পত্ৰৰে পৰীক্ষা দিয়াৰ বাবে প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে সাতগৰাকী পৰীক্ষাৰ্থীক বীৰ লাচিত সেনা অসমৰ কামৰূপ সমিতিৰ সদস্যই ধৰি আজাৰা আৰক্ষীক গতাই দিয়ে ।
বহিঃৰাজ্যৰ পৰা অহা ভুৱা পৰীক্ষাৰ্থীকেইগৰাকী সম্প্ৰতি বৰঝাৰ আৰক্ষীৰ জিম্মাত আছে যদিও আৰক্ষীয়ে তথ্য সদৰী নকৰি তদন্ত চলাই থকা বুলি মন্তব্য কৰে । আনহাতে ভুৱা প্ৰাৰ্থীকেইগৰাকীক ধৰি আৰক্ষীক গতাই দিয়া বীৰ লাচিত সেনাৰ বিকাশ অসম, তপন শৰ্মা, জয়ন্ত শৰ্মা, বিক্ৰম কলিতা, কাৰুণ স্বৰ্গীয়াৰী আৰু ৰাজেশ দেউৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
বীৰ লাচিত সেনাৰ সদস্যই ভুৱা পৰীক্ষাৰ্থী বুলি দাবী কৰিছে যদিও প্ৰকৃততে ভুৱা হয়নে নহয় সেয়া আৰক্ষীৰ তদন্ততহে সত্যতা প্ৰমাণ হ’ব ।
লগতে পঢ়ক: ভুৱা নথিপত্ৰসহ বীৰ লাচিত সেনাৰ দ্বাৰা আটক বহিঃৰাজ্যৰ যুৱক