অসম

assam

ETV Bharat / videos

লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পথত হাতত গদা লৈ টহল দিলে হনুমেনে - HIMANSHU PRASAD DAS JOY HANU MAN

By ETV Bharat Entertainment Team

Published : Oct 7, 2024, 6:39 PM IST

লখিমপুৰ, ৭ অক্টোবৰ : সোমবাৰে বিয়লি হঠাৎ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পথত ঘটে ব্যাপক জনসমাবেশ । বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রী তথা ৰাইজে আগুৰি ধৰে এক বিশেষ চৰিত্ৰক । দেখাত সাইলাখ ধৰ্মশাস্ত্ৰত বৰ্ণিত হনুমানৰ দৰে । ৰাইজে তেওঁক চাবলৈ উবুৰি খাই পৰে । পিছে হনুমানৰ দৰে বেশভূষা বা হাতত গদা থাকিলেও সেই বিশেষ চৰিত্ৰটো হনুমান নাছিল । আছিল জয় হনুমেন নামৰ অচিৰেই মুক্তি পাবলগীয়া অসমীয়া চিনেমা জয় হনুমেনৰ মূল চৰিত্ৰটোহে ।

পৰিচালক তথা চলচ্চিত্ৰ নিৰ্মাতা হিমাংশু প্ৰসাদ দাসৰ অহা ১৮ অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া জয় হনুমেন নামৰ অসমীয়া চিনেমাখনৰ প্ৰচাৰ চলোৱা হয় এনেদৰে । চিনেমাখনৰ বিষয়ে হিমাংশু প্ৰসাদ দাসে কয় যে অসম কঁপাই যোৱা এক চাঞ্চল্যকৰ, শিহৰণকাৰী সত্য ঘটনা এই ছবিখনত দেখুওৱা হৈছে । মনোৰঞ্জনধৰ্মী আৰু পৰিয়ালৰ সকলোৱে একেলগে উপভোগ কৰিব পৰা এই চিনেমাখনৰ জৰিয়তে কেতবোৰ সত্য কথা কোৱাৰ প্ৰয়াস কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । বহুতে বহু সময়ত ক’বলৈ সাহস নকৰা কথাবোৰ চিনেমাখনৰ জৰিয়তে ক’বলৈ চেষ্টা কৰা হৈছে । সাম্প্রতিক সময়ৰ লগত খাপ খোৱাকৈ জয় হনুমেন নিৰ্মাণ কৰাৰ কথা জানিবলৈ দিয়ে হিমাংশু প্ৰসাদ দাসে । মূল চৰিত্ৰত অভিনয় কৰা অভিনেতাজনে কয় যে এইখন এখন ব্যতিক্রমধৰ্মী চিনেমা । ব্যতিক্রমধৰ্মীভাৱে চিনেমাখনৰ জৰিয়তে সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচৰা হৈছে । সকলোকে এই চিনেমাখন উপভোগ কৰিবলৈ আহ্বান জনাই দলটোৱে ।

লগতে পঢ়ক : মাণিকপুৰৰ ৰাজপথত হঠাৎ হনুমেনৰ আবিৰ্ভাৱ - Joy Hanu Man movie

ABOUT THE AUTHOR

...view details