অসম

assam

ETV Bharat / videos

তেজপুৰ বিশ্ববিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠান উপভোগ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 11:05 PM IST

তেজপুৰ, ১৯ জানুৱাৰী : শুকুৰবাৰে তেজপুৰ বিশ্ববিদ্যালয়ত শোণিতপুৰ জিলা প্ৰশাসনে আয়োজন কৰে বিশেষ সাংস্কৃতিক কাৰ্যসূচী ৷ উক্ত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷

শুকুৰবাৰে একাধিক কাৰ্যসূচী লৈ তেজপুৰত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিয়লি তেজপুৰস্থিত মহাভৈৰৱ মন্দিৰ দৰ্শন কৰি সেৱা লোৱাৰ পিচত উপস্থিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ৷ বিশ্ববিদ্যালয়খনত জিলা প্ৰশাসনে অনুষ্ঠিত কৰা অনুষ্ঠান উপভোগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ গীত-মাতৰ লগতে সুধাকণ্ঠৰ গীতৰ আধাৰত ৰাজ্যৰ নৃত্যপটীয়সী মেঘৰঞ্জনী মেধি আৰু তেওঁৰ দলে মৰমী মেধিৰ পৰিচালনাত নৃত্য প্ৰদৰ্শন কৰে ৷ তদুপৰি ‘বিশ্ব বিজয় নৱ জোৱান’ শীৰ্ষক জ্যোতি সংগীতৰ আধাৰতো নৃত্য পৰিৱেশন কৰা উক্ত অনুষ্ঠানত ৰূপম তালুকদাৰৰ একৰডিয়ানত সংগীবৃন্দই সুধাকণ্ঠৰ একাধিক কালজয়ী গীত পৰিৱেশন কৰে ৷

আনহাতে সংগীত শিল্পী চন্দন দাসৰ কণ্ঠত ‘দিল হুম হুম কৰে’ শীৰ্ষক গীতে আপ্লুত কৰে দেশৰ গৃহমন্ত্ৰীগৰাকীক৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ভায়’লিন সংগত কৰাৰ লগতে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে ৷ ইয়াৰোপৰি গীতালি দেৱী আৰু প্ৰাঞ্জল পৰশৰ দ্বৈতকণ্ঠত ‘অসম আমাৰ ৰূপহী’ শীৰ্ষক গীত আৰু  পংকজ ইংতিৰ পৰিচালনাত বিভিন্ন জনগোষ্ঠীৰ নৃত্য পৰিৱেশন কৰা হয় ৷

লগতে পঢ়ক: মহাদেৱৰ আশিস বিচাৰি তেজপুৰৰ মহাভৈৰৱত সেৱা ল’লে অমিত শ্বাহে

ABOUT THE AUTHOR

...view details