ধনশিৰিৰ বাঢ়নী পানীয়ে বুৰালে গোলাঘাট নগৰৰ বহৎ অঞ্চল - Assam flood 2024
Published : Jul 31, 2024, 9:36 PM IST
গোলাঘাট, ৩১ জুলাই : এইবাৰ বানৰ কৱলত গোলাঘাট নগৰৰ ১ নং ধনশিৰি কলনি আৰু কাঠকটীয়া গাঁও । বাঢ়নী পানীত প্লাবিত হৈছে ন ন অঞ্চল । কাৰ্বি পাহাৰত যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়িবলৈ ধৰিছে ধনশিৰি নদীৰ জলস্তৰ ৷ যাৰ ফলশ্ৰুতিত এতিয়া পানীৰ তলত আছে বাসগৃহৰ লগতে কৃষিভূমি ৷ একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বানপীড়িতৰ মাজত ।
এই খবৰ লাভ কৰি তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন । নগৰৰ ৰূপজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে । বৰ্তমানলৈকে প্ৰায় ৫০ টাৰো অধিক পৰিয়ালে শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে ৷ শিবিৰত থকা বানাক্ৰান্তৰ বাবে খাদ্য সামগ্ৰী আৰু খোৱাপানী যোগান ধৰাৰ লগতে চিকিৎসাসেৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ।
ইয়াৰ উপৰিও নিশাৰ ভাগত জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে জিলা প্ৰশাসনে । যাৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী ৷
লগতে পঢ়ক : অসম-ছিকিমৰ বানৰ বাবে বাজেটত ধাৰ্য ১১ হাজাৰ কোটি টকা : সিন্ধিয়া