মানাহত গুৰুতৰভাৱে আহত গঁড়ক চিকিৎসা প্ৰদান - Manas National Park - MANAS NATIONAL PARK
Published : Sep 26, 2024, 4:05 PM IST
বাক্সা,২৬ ছেপ্টেম্বৰ: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলৰ কুচিয়াঝাৰত গুৰুতৰভাৱে আহত এটা গঁড় । আন গঁড়ৰ আক্ৰমণত আঘাতপ্ৰাপ্ত গঁড়টোক ইতিমধ্যে চিকিৎসা প্ৰদান কৰিছে বন বিভাগে । বন বিভাগৰ অভিজ্ঞ চিকিৎসক পদ্মশ্ৰী কুশল শৰ্মা, প্ৰভাত বসুমতাৰী, দাওহাৰু বড়োৰ তৎপৰতাত ধাৰাবাহিক চিকিৎসা প্ৰদান কৰা হৈছে অসুস্থ গঁড়টোক । জানিব পৰা মতে প্ৰাকৃতিক কাৰণত গঁড়ৰ কাজিয়াৰ ফলতেই এনেধৰণে আহত হৈছে । বৰ্তমান গঁড়টোক চিকিৎসা কৰি এৰি দিয়া হৈছে ।
এই সন্দৰ্ভত চিকিৎসক পদ্মশ্ৰী কুশল শৰ্মাই কয়,"দহ, বাৰদিন পূৰ্বে এটা মতা গঁড়ক বেলেগ গঁড়ে আক্ৰমণ কৰাৰ ফলত ভৰিত আঘাত পাইছিল । দেহৰ কেইবাস্থানতো আঘাতৰ চিন আছে । ইতিমধ্যে গঁড়টোক ট্ৰেংকুলাইজ কৰি যাৱতীয় চিকিৎসা প্ৰদান কৰা হৈছে ।"