টাউন কমিটী গঠনৰ বিৰোধিতাৰে উত্তাল জাগীৰোড - TIWA ORGANISATIONS PROTEST
Published : Nov 5, 2024, 2:06 PM IST
মৰিগাঁও : জাগীৰোডত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে কেইবাটাও জনজাতীয় সংগঠনৰ ৷ সোমবাৰে জাগীৰোড টাউন কমিটী গঠনৰ বিৰোধিতা, সংৰক্ষিত ট্ৰাইবেল বেল্ট ব্লক এলেকাত বেদখলকাৰীক উচ্ছেদ কৰা, তিৱা স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীভুক্ত সন্দর্ভত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাকে আদি কৰি কেইবাটাও দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।
প্ৰতিবাদৰ ফলত ঘাইপথ বন্ধ হৈ পৰাত বহু সময় ধৰি আবদ্ধ হয় বাহনসমূহ । লগে লগে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে আৰক্ষী প্ৰশাসনে ৷ কিন্তু আৰক্ষীৰ বাধা নেওচি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে এই সংগঠনকেইটাই । ইয়াকে কেন্দ্ৰ কৰি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় ।
উল্লেখ্য যে, উক্ত দাবী কেইটা সমাধানৰ বাবে পূর্বেও সদৌ তিৱা ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি আহিছে যদিও আজিলৈ অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।