কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰে সংখ্যালঘু লোকক তোষামোদ কৰিছে : বিজেপি - Lok sabha election 2024 - LOK SABHA ELECTION 2024
Published : Apr 24, 2024, 10:00 PM IST
তিনিচুকীয়া, ২৪ এপ্ৰিল : চলিত লোকসভা নিৰ্বাচনৰ সময়তে কংগ্ৰেছে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰক লৈ সমগ্ৰ দেশজুৰি বিজেপিয়ে প্ৰতিক্ৰিয়া কৰাৰ সময়তে বুধবাৰে তিনিচুকীয়া জিলা বিজেপিয়েও কাৰ্যালয়ত এক সংবাদমেল যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ সংবাদমেলখনত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁয়ে কয় যে, কংগ্ৰেছে যি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে তাৰ পৰা এইটো স্পষ্ট যে সংখ্যালঘু লোকসকলক তোষামোদ কৰিছে ৷ যাতে তেওঁলোকৰ ভোট আদায় কৰিব পাৰে ৷ সংখ্যালঘু লোকৰ বাবে সংৰক্ষণৰ সুবিধা প্ৰদান কৰি অন্যান্য সকলৰ আৰক্ষণ হ্ৰাস কৰাৰ কুটিল ৰাজনীতি কৰিছে ৷ ধৰ্মীয় মেৰুকৰণেৰে বিভেদৰ বীজ সিচিবলৈ প্ৰয়াস কৰিছে , যিটো কংগ্ৰেছে আগৰ পৰাই কৰি আহিছে ৷ বিজেপিয়ে কংগ্ৰেছৰ এই সংখ্যালঘু প্ৰীতি কেতিয়াও মানি নলয় ৷
এই সংবাদমেলত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোঁহাই, ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ভবেন বৰুৱা, শিউজী ডুবে, জিলা বিজেপিৰ সভাপতি কুশকান্ত বড়া, সাধাৰণ সম্পাদকদ্বয় পুলক চেতিয়া আৰু দুলাল ৰয় উপস্থিত থাকে ৷