অসম

assam

ETV Bharat / videos

বামুনীমৈদামত পুনৰ বাঘৰ আতংক : চিচি টিভি কেমেৰাত বন্দী বাঘৰ মুক্ত বিচৰণৰ দৃশ্য - Tiger scare in Bamunimaidam

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 10:16 PM IST

গুৱাহাটী,৫ জুলাই: আৰক্ষী-প্ৰশাসন তথা বন বিভাগৰ দুৰ্বলতাৰ সুযোগ লৈ এচাম অবিবেচকী লোকৰ অবাধ বন ধ্বংস ফলত সংকুচিত হৈ আহিছে বন্য জীৱ জন্তুৰ খাদ্য-বিচৰণস্থলী । ফলত খাদ্যৰ সন্ধানত প্ৰায়ে বন্য জীৱ-জন্তুৱে জনাঞ্চলত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰি আহিছে । কিছুদিন পূৰ্বে বামুনীমৈদামস্থিত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী ছোৱালী কাৰিকৰী শিক্ষানুষ্ঠানৰ চৌহদত এটা নাহৰফুটুকী বাঘে বিচৰণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এক আতংময় পৰিবেশৰ ।  

সেই আতংক মাৰ নৌযাওঁতেই এইবাৰ পুনৰ বামুনীমৈদামত আন এটা অঞ্চলত এটা নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণক লৈ এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী । বৃহস্পতিবাৰে নিশাও বামুনীমৈদামস্থিত মধুবন পাহাৰত এটা নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰা দৃশ্য চি চি টিভি কেমেৰাত বন্দী হৈছে । পিচত আতংকিত স্থানীয় বাসিন্দাই বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় । সম্প্রতি বাঘৰ মুক্ত বিচৰণক লৈ শংকিত হৈ পৰিছে অঞ্চলটোৰ বাসিন্দা । সেয়ে আতংকিত ৰাইজে উক্ত অঞ্চলত পিঞ্জৰা স্থাপন কৰি নাহৰফুটুকী বাঘটো আবদ্ধ কৰাৰ বাবে বন বিভাগক দাবী জনাইছে । 

লগতে পঢ়ক: এফালে বান-আনফালে বাঘ : নগাঁৱত বাঘৰ আক্ৰমণত আহত দুজন - Tiger scare in Nagaon

নগাঁৱৰ জেঙনিত বাঘৰ আতংক, ন্যায় সংহিতাৰ 163 ধাৰা জাৰি - TIGER SCARE IN NAGAON

ABOUT THE AUTHOR

...view details