অসম

assam

সৰুপথাৰৰ ধনশিৰি নৈৰ প্ৰবল সোঁতত উটি গ’ল তিনি বন্ধু - Teenager drown in Dhansiri river

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 8:24 PM IST

Updated : Jun 27, 2024, 9:29 PM IST

ধনশিৰি নৈৰ প্ৰবল সোঁত উটি গ’ল তিনি বন্ধু (ETV Bharat Assam)

সৰুপথাৰ, 27 জুন: সৰুপথাৰৰ ৰঙাগড়া ঘাটত বৃহস্পতিবাৰে ঘটিল অঘটন ৷ ভৰা ধনশিৰি নৈত গা ধুবলৈ নামি উটি গ’ল তিনি কিশোৰ ৷ বিয়লি প্ৰায় 4 বজাত 9 জন কিশোৰ গৈছিল ধনশিৰি নৈৰ ৰঙাগড়া ঘাটলৈ ৷ কিন্তু তেনে অৱস্থাতে ধনশিৰিৰ সোঁতে দুজনক উটুৱাই নিয়ে ৷ দুই কিশোৰে চিঞৰ-বাখৰ কৰাত তেওঁলোকক বচাবলৈ আন এজনে নৈত জাঁপ দিয়ে যদিও তেৱোঁ প্ৰৱল সোঁতত উটি যায় ৷ তিনি কিশোৰৰ নাম হৈছে মোস্তাক আলী, জায়দ খান আৰু সন্দীপ মাহাতো ৷ 

কিশোৰ তিনিজন উটি যোৱাৰ পিচত অঞ্চলটোত হাহাকাৰ লাগে ৷ স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে আহি তিনিওৰে সন্ধানত বিচাৰ খোচাৰ আৰম্ভ কৰে ৷ শেহতীয়াকৈ জানিব পৰা মতে এজনৰ মৃতদেহ প্ৰায় 1 কিঃমিঃ দূৰত উদ্ধাৰ হৈছে ৷ কিন্তু বৰ্তমানেও সন্ধানহীন হৈ আছে আন দুজন ৷

লগতে পঢ়ক: ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ পশু চিকিৎসালয়ৰ নিৰুদ্দিষ্ট কৰ্মচাৰীৰ মৃতদেহ - Mysterious Death

লগতে পঢ়ক: ঘৰৰ পাচফালৰ পুখুৰীত পৰি কৰুণ মৃত্যুক সাবটিলে কণমানিয়ে - Child death by drowning

লগতে পঢ়ক: নৈত উটি গ’ল কৃষক : চিৰাঙত অব্যাহত উদ্ধাৰ অভিযান - swept away by River in Chirang

Last Updated : Jun 27, 2024, 9:29 PM IST

ABOUT THE AUTHOR

...view details