অসম

assam

ETV Bharat / videos

বকোৰ নোৱাপাৰাত লতামাকৰী বাঘ ভক্ষণ কৰি গ্ৰেপ্তাৰ তিনি

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 7:21 PM IST

বকো, 25 জানুৱাৰী : বকোৰ বন্দাপাৰা বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত নোৱাপাৰা গাঁৱৰ তিনিজন লোকক বুধবাৰে নিশা ৰাজ্যৰ বন আৰু আৰক্ষী বিভাগে গ্ৰেপ্তাৰ কৰে । শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ হাজৰিকাৰ মতে, তেওঁলোকে গোপন সূত্ৰৰ পৰা এটা খবৰ পাইছিল যে হাহিম-নোৱাপাৰা গাঁৱৰ তিনিজন লোকে লতামাকৰি বাঘ এটাক হত্যা কৰি পিচত খাই পেলাইছে । সেয়েহে বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।

তেওঁ লগতে কয় যে, "যিহেতু বন্দাপাৰা বনাঞ্চলত লকআপ কক্ষৰ অভাৱৰ সেয়ে গ্ৰেপ্তাৰ হোৱা তিনিজনক শিংৰা বনাঞ্চলিক কাৰ্যালয়ত ৰখা হৈছে ।" আনহাতে, পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ডিম্পি বৰাই কয়, “তদন্তৰ অন্তত আমি জয়ন্ত ৰাভা, কৃপানন্দ ৰাভা আৰু পুতুল ৰাভাৰ বিৰুদ্ধে হত্যা আৰু ভক্ষণৰ ক্ষেত্ৰত প্ৰমাণ পাইছিলো আৰু বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘাৰ বাবে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ।”

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ২০২৩ চনৰ জানুৱাৰী মাহত বকো থানাৰ অন্তৰ্গত ৰাজাপাৰাত ভোগালী বিহুৰ প্ৰাকক্ষণত নাহৰফুটুকী মেকুৰী খাবলৈ পৰিকল্পনা কৰা তিনিজন লোকক ৰাজ্যৰ বন বিভাগ আৰু অসম আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় পৰ্যটন দিৱসত কাজিৰঙাত দেখা গ’ল সোণালী বাঘ

ABOUT THE AUTHOR

...view details