ভাভা পৰমাণু অনুসন্ধান কেন্দ্ৰত নিযুক্তি লাভ মৰিয়নীৰ তনয় জ্যোতি গগৈৰ - BHABHA ATOMIC RESEARCH CENTRE - BHABHA ATOMIC RESEARCH CENTRE
Published : Jul 18, 2024, 5:29 PM IST
যোৰহাট,১৮ জুলাই: দেশৰ নিৰাপত্তা ব্যৱস্থাৰ অতি গুৰুত্বপূৰ্ণ অংশ পৰমাণু শক্তি । প্ৰায় সকলোৰে ইচ্ছা থাকে এইক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ । কিন্তু সকলোৰে সেয়া সৌভাগ্য নঘটে । দেশৰ নিৰাপত্তাৰ অভিন্ন অংগ নিউক্লিয়াৰ শক্তিত কাম কৰাৰ সৌভাগ্য ঘটিল যোৰহাট জিলাৰ মৰিয়নীৰ এজন যুৱকৰ । ভাভা পৰমাণু অনুসন্ধান কেন্দ্ৰ (BARC) ত নিযুক্তি লাভ কৰে মৰিয়নী যুৱক তনয় জ্যোতি গগৈয়ে । উক্ত সংস্থাটোত মৰিয়নীৰ তনয় জ্যোতি গগৈয়ে নিযুক্তি লাভ কৰাৰ লগে লগে অঞ্চলজুৰি এক আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে ।
মৰিয়নী পুখুৰীয়া গাঁৱৰ প্ৰয়াত হৰেন গগৈ আৰু দিপ্তী গগৈৰ জ্যেষ্ঠ পুত্ৰ তনয় জ্যোতিয়ে । মৰিয়নী এডিথ ডগলাছ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তিতাবৰ কনচেপ্ট ইংলিছ স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা তনয়ে আছাম ইঞ্জিনীয়াৰিং ইনষ্টিটিউটত শিক্ষাগ্ৰহণ কৰিছিল । যোৰহাটৰ যুৱকে নিউক্লিয়াৰ শক্তিৰ ক্ষেত্ৰত কাম কৰিবলৈ সুযোগ পোৱা খবৰে যুৱপ্ৰজন্মক অধিক আকৰ্ষিত কৰিব দেশৰ নিৰাপত্তা ক্ষেত্ৰৰ বিভিন্ন সংস্থাসমূহত জড়িত হ'বলৈ ।