মানুহে মানুহৰ বাবে... বানপীড়িতৰ বাবে সুৰ বাহিনীৰ সাহাৰ্য সংগ্ৰহ - Assam Flood 2024 - ASSAM FLOOD 2024
Published : Jul 24, 2024, 10:43 PM IST
সৰুপথাৰ,২৪ জুলাই: বানত জুৰুলা ৰাজ্যৰ বিভিন্ন প্ৰান্ত । বান কমিল বান কমিল যদিও নকমিল বানাক্ৰান্তৰ লোকৰ দুদৰ্শা । এতিয়াও আশ্ৰয় শিবিৰৰ পৰা আপোন ঘৰখনলৈ উভতিব পৰা নাই বহু পৰিয়াল । বেদনাদায়ক দৃশ্যৰ বাতৰি সম্প্ৰচাৰ হৈ আহিছে নিতৌ । বানাক্ৰান্তৰ কাষত মন্ত্ৰী-বিধায়ক কিম্বা দল-সংগঠনে প্ৰদান কৰিছে সাহাৰ্য । এইবাৰ এটা দলে ব্যতিক্ৰমী ৰূপত বান সাহাৰ্য সংগ্ৰহত ব্যস্ত হৈ পৰা দেখা গ'ল সৰুপথাৰত ।
বানপীড়িত লোকৰ বাবে গোলাঘাট সুৰ বাহিনীয়ে সংগীতৰ জৰিয়তে ৰ'ড শ্ব' কৰি সৰুপথাৰত সংগ্ৰহ কৰে সাহাৰ্য । গোলাঘাট জিলাৰ সুৰ বাহিনীয়ে সুৰেৰেই জিলাখনৰ গোলাঘাট, দেৰগাঁও, সৰুপথাৰ, বৰপথাৰ, মেৰাপানী ইত্যাদি ঠাইত গীত পৰিৱেশন কৰি আৰ্থিক সাহাৰ্য সংগ্ৰহ কৰে । "মানুহে মানুহৰ বাবে..." কথাষাৰিৰ মহত্বক সন্মান জনাই গোলাঘাট সুৰ বাহিনীয়ে গ্ৰহণ কৰে এই অভিনৱ পদক্ষেপ ।