অসম

assam

By ETV Bharat Sports Team

Published : Aug 19, 2024, 9:22 PM IST

ETV Bharat / videos

গ্ৰামাঞ্চলৰ পৰা সৃষ্টি কৰিম হেণ্ডবলৰ খেলুৱৈ: অমল পাটোৱাৰী - HANDBALL TRAINING IN JORHAT

স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট: হেণ্ডবলে দৃষ্টি আকৰ্ষণ কৰিছে গ্ৰামাঞ্চলৰ খেলুৱৈৰ । যোৱা এক জুলাইৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত অসম হেণ্ডবল সন্থা আৰু জিলা হেণ্ডবল সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰশিক্ষণৰ অন্তত যোৰহাটতো অনুষ্ঠিত হয় জিলা হেণ্ডবল দিৱস । গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ অন্তত যোৰহাটৰ চেনিজান হাইস্কুল খেলপথাৰত শিৱসাগৰ আৰু যোৰহাট দলৰ মাজত অনুষ্ঠিত হয় এখনি প্ৰীতি মেচ । উক্ত মেচখনে আকৰ্ষিত কৰে গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলক ।

"হেণ্ডবল দিৱসৰ দৰে অনুষ্ঠানৰ জৰিয়তে ভৱিষ্যতে গ্ৰাম্য অঞ্চলৰ পৰা বিশেষ খেলুৱৈ নিৰ্বাচন কৰাত যাতে সহায় হয়, তাকে আশা কৰিছো" বুলি অনুষ্ঠানত মন্তব্য কৰে অসম হেণ্ডবল সন্থাৰ সম্পাদক অমল পাটোৱাৰীয়ে ৷

তেওঁ লগতে কয় "গ্ৰামাঞ্চলৰ পৰা গৈয়ে লাভলীনা বৰগোহাঁইৰ দৰে খেলুৱৈয়ে অলিম্পিকত পদক লাভ কৰিছে ৷ সেয়ে আমিও গ্ৰামাঞ্চলৰ পৰা খেলুৱৈ সৃষ্টি কৰি বিভিন্ন হেণ্ডবল প্ৰতিযোগিতাত সফলতাৰ ছবিখন ফুটাই তুলিব পাৰিম ।"

উক্ত হেণ্ডবল প্ৰতিযোগিতাত যোৰহাট হেণ্ডবল সন্থাৰ সম্পাদকসহিতে বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: "মোক নিৰ্বাচিত কৰা নাছিল কাৰণ"- দিলীপ ট্ৰফীৰ পৰা বাদ পৰাৰ পিছত ৰিংকু সিঙৰ প্ৰতিক্ৰিয়া - DULEEP TROPHY 2024

ABOUT THE AUTHOR

...view details