ETV Bharat / state

ষ্টেট বেংকৰ ৩৬০ টা পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে অসমত কেনেকৈ পালে নিযুক্তি ? উত্তৰ বিচাৰিছে অজাপে - RECRUITMENT OF NON LOCALS BY SBI

ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ চাকৰিত থলুৱাৰ নিযুক্তি নিশ্চিত কৰাৰ স্বাৰ্থত শীঘ্ৰে বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ পৰামৰ্শ ৰূপায়ন কৰাৰ দাবী ৷

Recruitment of Non Locals by SBI
ষ্টেট বেংকৰ ৩৬০ টা পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে অসমত কেনেকৈ পালে নিযুক্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2024, 7:24 PM IST

হায়দৰাবাদ: 'ঈশান কোণ'ৰ উন্নতিৰ শ্ল'গান দিয়া বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষিত নিবনুৱাসকলক মর্যাদাপূর্ণভারে সংস্থাপিত কৰাৰ পৰিবৰ্তে তেওঁলোকৰ হাতৰ পৰা বেংক, বিত্তীয় প্ৰতিষ্ঠান আদিৰ তৃতীয় বৰ্গৰ চাকৰিকেইটাও কাঢ়ি নিয়াৰ গুৰুতৰ অভিযোগ তুলিছে অসম জাতীয় পৰিষদে‌ ।

দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই বুধবাৰে এক বিবৃতিত কয় "অসমৰ স্থানীয় যুৱক-যুৱতীক বঞ্চিত কৰি বহিৰাগত প্ৰাৰ্থীক চাকৰি দিয়াৰ বিজেপি দলৰ গোপন নীতিৰ বাবেই বিজেপি চৰকাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনখন ৰূপায়ন কৰা নাই, এই কথা প্ৰমাণ হৈছে‌ । কিয়নো বিপ্লৱ কুমাৰ শৰ্মা কমিটীয়ে ৮০ শতাংশ চৰকাৰী চাকৰি থলুৱাৰ বাবে সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছিল‌ ।"

বিবৃতিটোত আৰু কোৱা হয় যে ভাৰতীয় ষ্টেট বেংকে যোৱা এটা বছৰত উত্তৰ-পূৰ্বাঞ্চলক সামৰি লোৱা গুৱাহাটী চাৰ্কোলৰ ৬০০টা তৃতীয় বৰ্গৰ পদত ৬০ শতাংশ বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ তথ্য সম্প্ৰতি ৰাজহুৱা হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰৰ এই প্ৰাৰ্থীসকলক ২০২৩-২৪ বৰ্ষত ভাৰতীয় ষ্টেট বেংকে অসমকে ধৰি অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰাৰ বিভিন্ন শাখাত মকৰল কৰিছে । ছশটা পদৰ ভিতৰত পশ্চিমবংগ, বিহাৰ, দিল্লী, ঝাৰখণ্ড আদি ৰাজ্যৰ ৩৬০ গৰাকী প্ৰার্থীক ষ্টেট বেংকে 'জুনিয়ৰ এছ'চিয়েট' হিচাপে নিযুক্তি দিছে ।

লগতে পঢ়ক: চক্ৰবৃদ্ধি হাৰত অৱনতি ঘটিছে অসমৰ অৰ্থনীতিৰ: অজাপৰ অভিযোগ

লক্ষণীয়ভাৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ষ্টেট বেংকৰ শাখাত যোগদান কৰা এইসকল প্ৰার্থীয়ে কেইবছৰমান চাকৰি কৰিয়েই নিজা নিজা ৰাজ্যলৈ বদলি হৈ যোৱাৰ ফলত পুনৰ খালী হৈ পৰাৰ তথ্যও ৰাজহুৱা হৈছে । ফলত সামগ্ৰিকভাৱে বিঘ্নিত হৈছে বেংকিং সেৱাও ।

ভূঞাই কয়- "২০২৩-২৪ বর্ষত ষ্টেট বেংকে গুৱাহাটী চাৰ্কোলৰ বাবে যি ৬০০টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিছিল, সেই পদসমূহৰ ভিতৰত পশ্চিমবংগৰ সৰ্বাধিক ২৯৪ গৰাকী প্ৰার্থীয়ে নিযুক্তি লাভ কৰিছে । নিযুক্তিৰ প্ৰথম তালিকাত পশ্চিমবংগৰ ২২৫ গৰাকী প্ৰার্থীয়ে নিযুক্তি পাইছিল । ইয়াৰ পিছত 'ৱেইটিং লিষ্ট'ৰ পৰা নিযুক্তিৰ দ্বিতীয় তালিকাত পশ্চিমবংগৰ ৬৯ গৰাকী প্ৰার্থীয়ে লাভ কৰে নিযুক্তি । ইয়াৰ বিপৰীতে প্ৰথম তালিকাত অসমৰ ১৮৬ গৰাকী, অৰুণাচলৰ ৫ গৰাকী, মেঘালয়ৰ ২১ গৰাকী, মণিপুৰৰ ৩৪ গৰাকী, নাগালেণ্ডৰ ২৫ গৰাকী, মিজোৰামৰ ৬ গৰাকী আৰু ত্ৰিপুৰাৰ ৪৩ গৰাকী প্ৰার্থীয়েহে ষ্টেট বেংকৰ চাকৰিৰ বাবে বাছনিভুক্ত হয় । প্ৰথম নিযুক্তিৰ তালিকাত বিহাৰৰ ১৭ গৰাকী, দিল্লীৰ ১২ গৰাকী, ওড়িশাৰ ৫ গৰাকী, ৰাজস্থানৰ ২ গৰাকী, তেলেংগানাৰ ২ গৰাকী, উত্তৰ প্ৰদেশৰ এগৰাকী, ঝাৰখণ্ডৰ ৫ গৰাকী, হাৰিয়ানাৰ এগৰাকী, হিমাচলৰ এগৰাকী, কেৰালাৰ ৩ গৰাকী, মধ্যপ্ৰদেশৰ ৩ গৰাকী, মহাৰাষ্ট্ৰৰ ৩ গৰাকী প্ৰার্থীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত থকা ষ্টেট বেংকৰ শাখাসমূহত নিযুক্তি লাভ কৰিছে ।"

লগতে পঢ়ক: খং-অভিমান সামৰি পুনৰ কংগ্ৰেছৰে মিত্ৰতা কৰিব নেকি অসম জাতীয় পৰিষদে ?

আজি এই সন্দৰ্ভত ভূঞাই আৰু কয় যে একেই পদ্ধতিৰে অসমত থকা কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় অৰ্ধ-চৰকাৰী চাকৰিসমূহৰ প্ৰায় আটাইখিনিতে অসমৰ বাহিৰৰ চাকৰি প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ফলত দশক দশক ধৰি ৰাজ্যখনৰ থলুৱা নিবনুৱাসকল বঞ্চিত হৈ আহিছে । আনকি অসম চৰকাৰৰ চাকৰিতো বহিৰাগত প্ৰাৰ্থী নিযুক্ত হোৱাটো সহজ কৰি তুলিছে বিজেপিৰ চৰকাৰে । অথচ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ পৰামৰ্শ দিবলৈ কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মা কমিটী গঠন কৰি দিছিল । উক্ত কমিটীয়ে থলুৱা (অসমীয়া)ৰ বাবে ৰাজ্য চৰকাৰৰ ৮০ শতাংশ চাকৰিত সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াই কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত অৰ্ধ-চৰকাৰী সংস্থাসমূহৰ চাকৰিত সংৰক্ষণ ‍ব্যৱস্থা প্ৰৱৰ্তনৰ পদক্ষেপ হাতত ল'বলৈ চৰকাৰক পৰামৰ্শ আগবঢ়াইছিল । কিন্তু কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপি দলৰ চৰকাৰ থকাৰ পাছতো তথা বিজেপিয়ে বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিয়া স্বত্বেও উক্ত কাৰ্য্য সম্পাদন কৰা নাই । এয়া স্পষ্ট প্ৰতাৰণা বুলি উল্লেখ কৰি ভূঞাই অতি শীঘ্ৰে বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপায়ন কৰি থলুৱা নিবনুৱাসকলৰ সাংবিধানিক সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: ৭ ডিচেম্বৰত আকৌ এবাৰ হোটেল লিলিত বৈঠক, পুনৰ একত্ৰিত হ’ব বিৰোধী দলসমূহ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.