ETV Bharat / state

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰোতেই গুলীবিদ্ধ দুধৰ্ষ ডকাইত - ENCOUNTER IN GUWAHATI

আৰক্ষী কনিষ্টবলক ঠেলি পাহাৰৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা কৰোতেই গৰজি উঠিল বন্দুক ।

Police firing in Guwahati
আৰক্ষীৰ গুলীত আহত দুধৰ্ষ ডকাইত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2024, 7:31 PM IST

গুৱাহাটী: স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো গুৱাহাটী মহানগৰীত নিতৌ সংঘটিত হৈ আহিছে অপৰাধজনিত ঘটনা । চোৰ-ডকাইতৰ তাণ্ডৱত ত্ৰাহি মধুসুধন দেখিছে মহানগৰবাসীয়ে । ইয়াৰ মাজতেই মহানগৰীত পুনৰ ফুটিল আৰক্ষীৰ গুলী । আৰক্ষীৰ গুলীত আহত হৈছে এটা দুধৰ্ষ ডকাইত ।

দুধৰ্ষ ডকাইত ৰমেশ দৈমাৰী (৩২)ক আৰক্ষীয়ে কৌশলেৰে গ্ৰেপ্তাৰ কৰাৰ পিছত ডকাইতটোক লগত লৈ দিছপুৰ আৰক্ষীয়ে অভিযান চলায় । এই অভিযানৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাত আৰক্ষীৰ গুলীত আহত হয় ধৃত ডকাইতটো । বুধবাৰে পূব গুৱাহাটী আৰক্ষী জিলাৰ উপ-আয়ুক্ত মৃণাল ডেকাই এই বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ।

পূব গুৱাহাটী আৰক্ষী জিলাৰ উপ-আয়ুক্ত (ETV Bharat Assam)

মহানগৰীৰ ক'ত ফুটিল আৰক্ষীৰ গুলী ?:

কুমাৰীকাটাৰ ৰমেশ দৈমাৰীয়ে ডকাইতি কৰাৰ বাবে মঙলবাৰে গুৱাহাটীলৈ আহিছিল । আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত এই খবৰ পোৱাৰ পিছতেই গুৱাহাটীৰ এটা গোপন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে এখন ডেগাৰ,বাইক আৰু নগদ ধন জব্দ কৰে । তাৰ পিছতেই আন এটা ডকাইতৰ সন্ধান দিব বুলি আজি পুৱতি নিশা যোৰাবাটৰ তেৰ মাইলৰ গাৰোবস্তিতত লৈ যায় । গাৰোবস্তিত আৰক্ষী কনিষ্টবলক ঠেলি পাহাৰৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে ৰমেশক গুলিওৱাত দুধৰ্ষ ডকাইত ৰমেশৰ সোঁ ভৰিত গুলী লগাত আহত হয় । বৰ্তমান আহত ডকাইতটো জি এম চি এইচত চিকিৎসাধীন হৈ আছে ।

ৰামেশৰ সহযোগী সজল আলীক গ্ৰেপ্তাৰ :

ধৃত ৰমেশৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানত কেইবাটাও গোচৰ ৰুজু হৈ আছে । মহিলাৰ ডিঙিৰ চেইন চুৰি,গাড়ী চুৰিকে ধৰি কেইবাটাও ডকাইতিৰ ঘটনাত জড়িত হৈ আছে ৰমেশ । বিশেষকৈ মহানগৰীৰ পূব গুৱাহাটী আৰক্ষী জিলাৰ অন্তৰ্গত বিভিন্ন স্থানত সংঘটিত হোৱা মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিয়া ঘটনাৰ লগত জড়িত । ৰমেশে চেইন কাঢ়ি নিয়া ঘটনাৰ লগত জড়িত থকাৰ চি চি টিভি ফুটেজো আৰক্ষীয়ে লাভ কৰিছে । পূৰ্বেও কেবাবাৰো গ্ৰেপ্তাৰ হৈছে দুধৰ্ষ ডকাইতটো । আনহাতে, আৰক্ষীয়ে অভিযান চলাই আন এক স্থানৰ পৰা ৰামেশৰ সহযোগী সজল আলীক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক:আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওঁতেই গুলীবিদ্ধ দুধৰ্ষ ডকাইত - Police firing in Barpeta

তেজপুৰত যুৱতীৰ শ্লীলতাহানিৰ অপচেষ্টা চলোৱা দুৰ্বৃত্তক আৰক্ষীৰ গুলী - Encounter in Tezpur

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.