ETV Bharat / technology

PSLV-C59 মহাকাশযানত বিসংগতি: ইছৰোৱে স্থগিত ৰাখিলে PROBA-3 উৎক্ষেপণ - ISRO POSTPONES PROBA 3 LAUNCH

বুধবাৰে বিয়লি নিৰ্ধাৰিত উৎক্ষেপণ সময়ৰ কেইমিনিটমান পূৰ্বে ইছৰোৱে অভিযান স্থগিত ৰাখে । বৃহস্পতিবাৰে বিয়লি ৪.১২ বজাত পুনৰ উৎক্ষেপণ কৰা হ'ব ।

ISRO Postpones PROBA 3 Launch
ইছৰোৱে স্থগিত ৰাখিলে PROBA-3 উৎক্ষেপণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2024, 7:35 PM IST

শ্ৰীহৰিকোটা : মহাকাশযান PSLV-C59-ত বিসংগতি ধৰা পৰাৰ পিচত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই PROBA-3 উৎক্ষেপণ অভিযান সময় বৃহস্পতিবাৰে পুনৰ নিৰ্ধাৰণ কৰিছে ।

নিৰ্ধাৰিত উৎক্ষেপণ সময়ৰ কেইমিনিটমান পূৰ্বে বুধবাৰে আবেলি ৪.০৮ বজাত ইছৰোৱে এই অভিযান স্থগিত ৰখাৰ কথা ঘোষণা কৰে । লগতে কয় যে উৎক্ষেপণ অভিযান বৃহস্পতিবাৰে বিয়লি ৪.১২ বজাত পুনৰ অনুষ্ঠিত হ'ব ।

ইউৰোপীয় মহাকাশ সংস্থাৰ (European Space Agency’s, ESA) পি এছ এল ভি-চি59 উৎক্ষেপণ বাহনত প্ৰবা-3 অভিযানক ইছৰোৰ বাণিজ্যিক শাখা নিউস্পেচ ইণ্ডিয়া লিমিটেডে (NewSpace India Limited, NSIL) সহায় কৰিছে ।

মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে অভিহিত কৰা প্ৰবা-৩ অভিযানটো বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ (এছ ডি এছ চি-এছ এইচ এ আৰ) প্ৰথম উৎক্ষেপণ পেডৰ (এফ এল পি) পৰা আৰম্ভ কৰাৰ কথা আছিল । লিফ্টঅফ ভাৰতীয় সময় অনুসৰি আবেলি ৪.০৮ বজাত নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু এতিয়া এই অভিযান বৃহস্পতিবাৰে বিয়লি ৪.১২ বজালৈ পিছুৱাই দিয়া হৈছে ।

এই পি এছ এল ভি-চি৫৯/প্ৰবা-৩ অভিযানত কৰোনাগ্ৰাফ মহাকাশযান (চি এছ চি) আৰু অকল্ট মহাকাশযান (অ'এছ চি) নামৰ দুখন মহাকাশযান থাকিব । দুয়োৰে ওজন প্ৰায় ৫৫০ কিলোগ্ৰাম ।

সেইবোৰ 'ষ্টেকড কনফিগাৰেচন'ত মুকলি কৰা হ'ব । অৰ্থাৎ সেইবোৰ এটাৰ ওপৰত আনটো ৰখা হ'ব আৰু একেলগে মুকলি কৰা হ'ব । এই উৎক্ষেপণৰ বাবে ইছৰোৱে ইয়াৰ আটাইতকৈ নিৰ্ভৰযোগ্য আৰু দক্ষ পি এছ এল ভি (Polar Satellite Launching Vehicle) ৰকেট এক্স এল সংস্কৰণ ব্যৱহাৰ কৰি আছে ।

ইছৰোৰ পাঁচোটা পি এছ এল ভি প্ৰকাৰৰ ভিতৰত এইটো হৈছে আটাইতকৈ শক্তিশালী ৰকেট । এই ৰকেটটো নিয়মীয়া পি এছ এল ভিতকৈ বহু বেছি শক্তিশালী । কাৰণ নিয়মীয়া পি এছ এল ভি ৰকেটত মাত্ৰ ৪ টা বুষ্টাৰ থকাৰ বিপৰীতে ইয়াত 6 টা ডাঙৰ বুষ্টাৰ আছে ।

লগতে পঢ়ক :ইছৰোৱে উৎক্ষেপণ কৰিব PROBA-৩ মিছন উপগ্ৰহ
লগতে পঢ়ক :২০ বছৰৰ বাবে ইছৰোৱে লৈছে বহু প্ৰত্যাহ্বানমূলক আচঁনি: গুৱাহাটী আই আই টিত ড৹ সোমনাথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.