অসম

assam

ETV Bharat / videos

তামুলপুৰত হাতীৰ দাঁতসহ সৰবৰাহকাৰী আটক - drive against elephant poaching

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 2:57 PM IST

বাক্সা, 26 ফেব্ৰুৱাৰী : তামুলপুৰত সোমবাৰে বন বিভাগৰ অভিযানত পুনৰ হাতীৰ দাঁতসহ এটা সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে । এক গোপন সূত্ৰৰ ভিত্তিত কুমাৰীকাটা বনাঞ্চলিক বিষয়া বীৰেন চন্দ্ৰ বড়োৰ নেতৃত্বত ২৪ বাহিনী এছ এছ বিৰ সৈতে চলোৱা যৌথ অভিযানত হাতীৰ দাঁতসহ আটক কৰা হয় সৰবৰাহকাৰীটোক ৷ ধৃত সৰবৰাহকাৰীটো স্বনেশ্বৰ সূত্ৰধৰ বুলি জানিবলৈ পৰা গৈছে । 

প্ৰায় দুই কিলো ওজনৰ হাতীৰ দুটা দাঁত বিক্ৰী কৰাৰ লক্ষ্যৰে স্বনেশ্বৰ সূত্ৰধৰে লৈ অনাৰ সন্দেহ কৰিছে বন বিভাগে । কুমাৰীকাটাৰ কালা নৈৰ পাৰৰ পৰা আটক কৰা হৈছে সৰবৰাহকাৰীটোক ৷ 

আজি আইনী ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হ’ব সৰবৰাহকাৰীটোক ৷ কিছুদিন পূৰ্বেও বন বিভাগে তামুলপুৰত অভিযান চলাই হাতীৰ দাঁতসহ আটক কৰিছিল আন এটা সৰবৰাকাৰীক ।

লগতে পঢ়ক: জয়পুৰৰ তাঁতী পথাৰত চুৰি গৰুসহ গো মাংস জব্দ; পলাতক অভিযুক্ত

ABOUT THE AUTHOR

...view details