অসম

assam

ETV Bharat / videos

গোলাঘাটত বাগৰিল চোৰাং কাঠভৰ্তি বাহন

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 11:42 AM IST

গোলাঘাট, 4 ফ্ৰেব্ৰুৱাৰী: গোলাঘাটত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা । নিশা এখন চেগুন ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাচত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য । নিশা এখন AS-03CC-0750 নম্বৰৰ এই টাটা ডি আই বাহনখনে ৰঙাজানৰ ফালৰ পৰা গোলাঘাট অভিমুখে লক্ষাধিক টকাৰ চেগুন কাঠ চোৰাংকৈ সৰবৰাহ কৰি তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত শালমৰা বাইপাচৰ সমীপৰ ৰংদৈত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ কাষত বাহনখন ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে ঘটনাস্থলীত বন বিভাগৰ লোক আৰু গোলাঘাট আৰক্ষী উপস্থিত হৈ চোৰাং কাঠখিনি জব্দ কৰে যদিও বাহনখনৰ চালক হেণ্ডিমেন ইতিমধ্যে দুৰ্ঘটনাস্থলীৰ পলায়ন কৰে । বৰ্তমান এই চোৰাং কাঠৰ ক'ৰ পৰা কোনে ক'ত সৰবৰাহ কৰিবলৈ চেষ্টা চলাইছিল তাৰ অনুসন্ধান অব্যাহত ৰাখিছে বন বিভাগে । এটা বিয়াগোম বন বিভাগ জিলাখনত থকা পাচতো মূল্যবান কাঠৰ চোৰাং সৰবৰাহ কেনেকৈ সম্ভৱ হৈছে তাকলৈয়ো গভীৰ ৰহস্য সৃষ্টি হৈছে । 

লগতে পঢ়ক: নুমলীগড়ত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details