অসম

assam

ETV Bharat / videos

চেপনশীলাত উদ্ধাৰ নৰকংকাল

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 10:34 PM IST

মিৰ্জা, 6 মাৰ্চ : দক্ষিণ কামৰূপৰ ছয়গাঁও থানাৰ অন্তৰ্গত খৰখৰী চেপনশীলাত বুধবাৰে নৰকংকাল উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । স্থানীয় একাংশ মহিলাই উক্ত স্থানত গাহৰিৰ বাবে কচু সংগ্ৰহ কৰিবলৈ গৈ কামাখ্যা যোগীঘোপা ৰে’লপথত থকা কালভাৰ্ট এটাৰ ভিতৰত নৰকংকালটো প্ৰত্যক্ষ কৰে । তাৰ পিচতেই তেওঁলোকে স্থানীয় লোকক খবৰ দিয়ে ৷ স্থানীয় যুৱকে ততাতৈয়াকৈ গাঁওবুঢ়াৰ লগতে পুলিচক খবৰ দিয়ে ৷

এই খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । নৰকংকাল বুলিবলৈ কেইডালমান হাড় আৰু লাওখোলাটোহে বাকী আছেগৈ । বহুদিন আগৰেই মৃতদেহটোৰ বাকী একোৱেই নাই । ছয়গাঁও আৰক্ষীক খবৰ দিয়া হৈছে যদিও আৰক্ষীয়ে নৰকংকালটো উদ্ধাৰ কৰি প্ৰকৃত পৰিচয় আৰু এই মৃত্যুৰ ৰহস্য কিদৰে উদঘাটন কৰিবলৈ সক্ষম হ’ব সেয়া সময়েহে ক’ব ।

লগতে পঢ়ক : নটাকৈ বিলুপ্তপ্ৰায় শগুণৰ মৃত্যু

ABOUT THE AUTHOR

...view details