অসম

assam

ETV Bharat / videos

ক্ষতিপূৰণসহ পুনৰসংস্থাপন বিচাৰি শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ - Shilsako eviction

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 9:00 PM IST

গুৱাহাটী, ২৬ মাৰ্চ: ফাকুৱা উৎসৱৰ আনন্দৰ মাজতে প্ৰতিবাদত বহিল শিলসাঁকোৰ উচ্ছেদিত ৰাইজে । ক্ষতিপূৰণসহ পুনৰসংস্থাপনৰ দাবীত ফাকুৱাৰ দিনাও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে শিলসাঁকোৰ উচ্ছেদিত ৰাইজে ৷ সোমবাৰে মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰি উচ্ছেদিত ৰাইজে দাবী কৰে, "আমাক ক্ষতিপূৰণ দিব লাগিবই, উচ্ছেদিত প্ৰতিটো পৰিয়ালক পুনৰসংস্থাপন দিয়ক ৷"

হাতে হাতে চৰকাৰবিৰোধী প্লে’ কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে প্ৰতিবাদকাৰীসকল ৷ চৰকাৰে তেওঁলোকৰ দাবী পূৰণ নকৰাকৈ শিলসাঁকোৰ প্ৰতিটো উচ্ছেদিত পৰিয়ালে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি সকীয়নি দিয়ে ।

উল্লেখ্য যে, বিগত দুবছৰ ধৰি শিলসাঁকোৰ উচ্ছেদিত ৰাইজে কোনো উৎসৱ উদযাপন নকৰাকৈ ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব এনেদৰে কিমান দিন প্ৰতিবাদ অব্যাহত ৰাখিব লাগিব উচ্ছেদিতসকলে ৷ 

লগতে পঢ়ক: চাহ শ্ৰমিকৰ সমস্যা বলিষ্ঠভাবে সদনত উত্থাপন কৰাৰ অংগীকাৰ গৌৰৱ গগৈৰ - Lok Sabha Elections

ABOUT THE AUTHOR

...view details