অসম

assam

ETV Bharat / videos

কলিয়াবৰত বানৰ প্ৰলয় : ঔষধৰ টোপোলা লৈ শিবিৰে শিবিৰে চিকিৎসাকৰ্মীৰ দল - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 4:21 PM IST

কলিয়াবৰ, 8 জুলাই : কলিয়াবৰত প্ৰলয়ংকাৰী বানৰ আজি সপ্তমটো দিন ৷ কিছু উন্নত হৈছে বান পৰিস্থিতি ৷ ইয়াৰ লগতে বন্যাৰ্তৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ তৎপৰ হৈছে স্বাস্থ্য বিভাগ । তথাপিও দিনে-নিশাই ব্যস্ত হৈ আছে চিকিৎসক-চিকিৎসাকৰ্মীৰ দল ৷ এই সংহাৰী বানৰ কবলত আছে কলিয়াবৰৰ 32 খন গাঁও । এতিয়াও শিবিৰতেই দিন পাৰ কৰিব লগা হৈছে বন্যাৰ্তই ৷ বানৰ এই সময়ছোৱাত অধিকাংশ বানাক্ৰান্ত লোকেই জ্বৰ, পানীলগা, কাহ, ডায়েৰীয়াকে ধৰি অনান্য ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে ৷

তথ্য অনুসৰি, কলিয়াবৰৰ বান শিবিৰত আশ্ৰয় লৈ আছে সহস্ৰাধিক লোক । যাৰ বাবে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক-চিকিৎসাকৰ্মীয়ে দৈনিক আগবঢ়াইছে স্বাস্থ্যসেৱা । বন্যাৰ্তৰ শিবিৰে শিবিৰে গৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসাকৰ্মীয়ে সকলোৰে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ আদিও বিতৰণ কৰি আছে ৷ লগতে সাংবাদিকসকলকো প্ৰদান কৰিছে ঔষধ ।

উল্লেখ্য যে, 2 জুলাইত হাতীমূৰা মথাউৰি ভাঙি কলিয়াবৰত সৃষ্টি হৈছিল বান বিভীষিকাৰ । আনকি শ্লুইচ গেট নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠান জেড্ ইঞ্জিনিয়াৰ্চৰ গাফিলতিৰ বাবে এই মথাউৰি ভঙাৰ অভিযোগৰে সৰৱ হৈ পৰিছিল বহু দল সংগঠনৰ লগতে বানাক্ৰান্ত ৰাইজ ৷ কিন্তু কোনে বুজিব বন্যাৰ্তৰ বেদনা ! আপোন ঘৰখন হেৰুৱাই আজিও শোকত বিহ্বল কলিয়াবৰৰ বন্যাৰ্ত ৷

লগতে পঢ়ক : বোকাখাতৰ বান বিধস্ত বংকোৱালবাসীৰ কাষত কৃষিমন্ত্ৰী অতুল বৰা - Assam Flood 2024

ABOUT THE AUTHOR

...view details