অসম

assam

ETV Bharat / videos

সৰস্বতী বন্দনাৰে মুখৰিত হোজাই জিলা - Saraswati Puja Rituals

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 1:24 PM IST

হোজাই, ১৪ ফেব্ৰুৱাৰী : আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । সৰস্বতী বন্দনাৰে মুখৰিত হৈছে ৰাজ্য । শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে চলিছে বাগদেৱীৰ আৰাধনা । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে হোজাই জিলাটো উলহ-মালহেৰে অনুষ্ঠিত কৰা হৈছে সৰস্বতী পূজা । হোজাই জিলাৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিদ্যালয়-মহাবিদ্যালয়তসমূহতো অনুষ্ঠিত কৰা হৈছে সৰস্বতী পূজা ।

পুৱাৰে পৰা শিক্ষানুষ্ঠানসমূহত ভিৰ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে । বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সকলো শিক্ষানুষ্ঠানৰ চৌহদ । ছাত্ৰ-ছাত্ৰীয়ে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আইৰ আশিস ল'বলৈ শিক্ষানুষ্ঠানসমূহলৈ অহা পৰিলক্ষিত হৈছে । হোজাই জিলাৰ লংকাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতনটো ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ চৰণত সেৱা জনাই আশিস ল'লে শিক্ষাৰ্থীসকলে । 

লগতে পঢ়ক : সৰস্বতী পূজাৰ দিনা কি কি ৰীতি-নীতি পালন কৰিব লাগে ?

ABOUT THE AUTHOR

...view details