অসম

assam

ETV Bharat / videos

ৰে'লৰ ইঞ্জিনৰ খুন্দাত নিহত যুৱকৰ মৃতদেহ ভক্ষণ কৰিলে এন্দুৰে - Deadbody recover in Moran

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 10:18 PM IST

মৰাণ,২০ আগষ্ট: ৰে'ল বিভাগৰ চৰম অৱহেলা আৰু দায়িত্বহীনতাৰ বাবে মৰাণৰ চেপনত সোমবাৰে নিশা সংঘটিত হয় শিহৰণকাৰী এক ঘটনা । ৰে'লৰ ইঞ্জিনৰ খুন্দাত নিহত অচিনাক্ত যুৱকৰ মৃতদেহ ভক্ষণ কৰে নিগনি-এন্দুৰে ৷ মানৱতা কি সেয়া যেন পাহৰি গ'ল ৰে'ল বিভাগে । ঘটনা অনুসৰি সোমবাৰে সন্ধিয়া মৰাণৰ চেপন ৰে'লৱে ক্ৰচিঙৰ সমীপত শিৱসাগৰ অভিমুখী এটা ৰে'ল ইঞ্জিনৰ খুন্দাত মৃত্যু হৈছিল এজন অচিনাক্ত যুৱকৰ । ৰে'লৱেৰ বৈদ্যুতিকৰণৰ সৈতে জড়িত ইঞ্জিনটোৱে চেপন ক্ৰচিঙৰ সমীপতে মহটিয়াই নিছিল যুৱকজনক ৷  

কিন্তু ৰে'ল বিভাগ অথবা ৰে'ল আৰক্ষীৰ চুড়ান্ত অৱহেলা আৰু দায়িত্বহীনতাৰ বাবে ৰে'লপথৰ কাষত মাজনিশা পৰ্যন্ত পৰি ৰয় মৃতদেহ । উক্ত মৃতদেহ নিগনি-এন্দুৰে ভক্ষণ কৰি থকা দৃশ্যই হতবাক কৰি তুলিছে সকলোকে ৷ ৰে'ল আৰক্ষী আৰু স্থানীয় চেপন আৰক্ষী বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত এনেদৰে নিগনি-এন্দুৰৰ খাদ্য হ'ল মৃতদেহটো । পিছত নিশাই মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৰে'ল আৰক্ষীয়ে । মৃত ব্যক্তিজনৰ পৰিচয় মঙলবাৰলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল আৰক্ষী । এই ঘটনা পোহৰলৈ অহাত সচেতন ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক: কৰ্মক্ষেত্ৰত শ্ৰমিকৰ ৰহস্যজনক মৃত্যু - Labour found dead

অট্টালিকাৰ পঞ্চম মহলাৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ - Tragic Incident In Bongaigaon

ABOUT THE AUTHOR

...view details