অসম

assam

By ETV Bharat Sports Team

Published : Sep 3, 2024, 11:21 AM IST

ETV Bharat / videos

ৰংপুৰজ্যোতি ক্লাৱৰ উদ্যোগত কেক কাটি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন পালন - ABHIRUCHI SPORTS DAY 2024

শিৱসাগৰ, 3 ছেপ্টেম্বৰ : আজি অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন । ফুটবল খেলুৱৈৰূপে ক্ৰীড়া জীৱন আৰম্ভ কৰি 1960 চনত ভাৰতীয় সেনা বাহিনীত যোগদান কৰা অৰ্জুনগৰাকীয়ে 1964-1965 চনৰ ৰাষ্ট্ৰীয় এথলেটিক প্ৰতিযোগিতাৰ আছিল স্বৰ্ণ বিজয়ী ৷ তেওঁৰ জন্মদিনটো অসমত অভিৰুচি ক্ৰীড়া দিৱসৰূপে উদযাপন কৰি অহা হৈছে ।

মঙলবাৰে শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাৱৰ উদ্যোগত উদযাপন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস ।ৰংপুৰজ্যোতি ক্লাৱৰ পৰা পুৱা আৰম্ভ হোৱা মাৰাথন দৌৰ শিৱসাগৰ পুখুৰীপাৰৰ ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তিৰ সমীপত সামৰণি পৰে ৷ দৌৰৰ অন্তত প্ৰজ্বলিত কৰা হয় অগ্নিশিখা ৷ কাৰ্যসূচীৰ শেষত এই বিশেষ দিনটোৰ তাৎপৰ্য আলোচনাৰ কৰা হয় ৷ লগতে অনুষ্ঠানৰ মাজতে কেক কাটি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উদযাপন কৰা হয় ।

তদুপৰি এই ক্লাৱে বৰ্ষীয়ান অৰ্জুন গৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ এই মাৰাথনত অংশগ্ৰহণ কৰে জিলাখনৰ ভিন্ন প্ৰান্তৰ খেলুৱৈসকলে ৷

লগতে পঢ়ক: ১০ কিলোমিটাৰ যোৰা মাৰাথনৰে অভিৰুচি ক্ৰীড়া দিৱস পালন - ABHIRUCHI SPORTS DAY 2024

ABOUT THE AUTHOR

...view details