অসম

assam

ETV Bharat / videos

বৰষুণে মাতিছে বিপদ; হিটাৰেৰে প্ৰতিমা শুকুওৱাৰ চেষ্টা মৃৎশিল্পীৰ - DURGA PUJA 2024

By ETV Bharat Assamese Team

Published : 4 hours ago

শিলচৰ, ৬ অক্টোবৰ: বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিপাঙত পৰিছে মৃণ্ময় শিল্পীসকল । কাৰণ ৰ'দ নথকা বাবে শুকোৱা নাই প্ৰতিমা । সেয়েহে ৰ'দৰ অভাৱত হিটাৰেৰে শুকাবলগীয়া হৈছে মা দুৰ্গাৰ প্ৰতিমা ৷ দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত বৰষুণে বিধি-পথালি দিয়া বাবে শিলচৰৰ মৃণ্ময় শিল্পীসকলে এইদৰে হিটাৰ ব্য়ৱহাৰ কৰিবলগীয়া হৈছে । মাটিৰ মূৰ্তি নুশুকোৱাৰ বাবে সময়ত মতে পূজা সমিতিক দিব পৰা প্ৰতিমা । সেয়েহে বাধ্য় হৈ জুইৰ তাপেৰে প্ৰতিমা শুকুৱাইছে মৃণ্ময় শিল্পীসকলে ৷  

যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে শিলচৰত । উৎসৱৰ বতৰত এই বৰষুণে  বিপাঙত পেলাইছে পূজা সমিতিৰ লগতে মৃণ্ময় শিল্পীসকলক । শিলচৰ বিলপাৰ পূৰ্ণপাল ৰোডৰ মৃণ্ময় শিল্পীসকলে এতিয়া হিটাৰেৰে শুকুৱাইছে দেৱীৰ প্ৰতিমা । পূজালৈ মাত্ৰ তিনি দিন থকাত উপায়ন্তৰ হৈ এইদৰে হিটাৰ ব্যৱহাৰ কৰা বুলি কয় এগৰাকী মৃণ্ময় শিল্পীয়ে ।

লগতে পঢ়ক:দুৰ্গা পূজাৰ মণ্ডপত জিলিকিব বাঁহৰ কুলা-পাচি-জাপিৰ দৰে সম্পদ; ক’ত দেখা পাব এই মণ্ডপ ? - EXCEPTIONAL DURGA PUJA PANDAL

উৎসৱে গঢ়ে ঐক্য, গঢ়িছে হিন্দু-মুছলমানৰ সম্প্ৰীতি কাহিনী - Communal harmony Rangia

ABOUT THE AUTHOR

...view details