অসম

assam

ETV Bharat / videos

শিল ভঙা ক্ৰাচাৰৰ বিৰুদ্ধে সৰৱ বৰপথাৰৰ সৰুলাংঠা গাঁৱৰ ৰাইজ - Angry Against Stone Crusher

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 7:06 PM IST

Updated : Jul 8, 2024, 7:17 PM IST

সৰুপথাৰ, 8 জুলাই : ধনশিৰি মহকুমাৰ বৰপথাৰ সৰুলাংঠা গাঁৱত 2013 চনতেই স্থাপন হৈছিল "মেচাৰ্চ অম্বা ষ্টোন ক্ৰাচাৰ" নামৰ এটা শিল ভঙা উদ্যোগ ৷ তেতিয়াৰ পৰাই সৰুলাংঠা গাঁৱত শিল ভঙা উদ্যোগটোৱে ৰাইজক বিভিন্ন দিশত অসুবিধাৰ সৃষ্টি কৰি আহিছিল ৷ যাৰ বাবে 2023 বৰ্ষৰ 23 ফেব্ৰুৱাৰীত ৰাইজে জনোৱা আৱেদনৰ ভিত্তিত শিল ভঙা উদ্যোগটো বন্ধ কৰি ৰাখিছিল ৷ কিন্তু বৰ্তমান পুনৰ শিল ভঙা উদ্যোগটো চলাবৰ বাবে যো-জা কৰিছে বুলি গাঁওখনৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

এই সম্পৰ্কে ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ৰাইজে আজি পুনৰ আৱেদন দাখিল কৰে ৷ উদ্যোগটো চলাবলৈ অনুমতি নিদিবৰ বাবে গাঁওখনৰ ৰাইজে আৱেদন কৰে মহকুমাধিপতিক ৷ উল্লেখযোগ্য যে গাঁওখনৰ 99 শতাংশ লোকেই কৃষিজীৱি ৷ উদ্যোগটোৰ পৰা নিৰ্গত ধূলি আৰু শিলৰ গুৰিয়ে গাঁওখনৰ কৃষিৰ লগতে জন জীৱনকো ক্ষতিসাধন কৰিছে বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে ৷ বিকট শব্দৰে শব্দ প্ৰদুষণৰ লগতে পৰিৱেশ বিনষ্ট কৰিছে এই উদ্যোগটোৱে ৷ বিগত সময়ছোৱাত কৃষিজাত সামগ্ৰীৰ উৎপাদন কমি অহাৰ কথাও উল্লেখ কৰে ৰাইজে ৷ সেই বাবে আজি গাঁওখনৰ শতাধিক লোকে ধনশিৰি মহকুমাধিপতিৰ কাৰ্যালয়ত উদ্যোগটোৰ বিৰুদ্ধে আবেদন দাখিল কৰে ৷ 

লগতে পঢ়ক : পথাৰত গেলিছে ফচল, বজাৰত জ্বলিছে জুই; হাজাৰ মন গ’লেও পছন্দৰ পাচলিবিধ খাবলৈ এতিয়া চিন্তা কৰিব লাগিব - Assam flood 2024

Last Updated : Jul 8, 2024, 7:17 PM IST

ABOUT THE AUTHOR

...view details