বাংলাদেশৰ হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগত ৰাজ্যত প্ৰতিবাদ
Published : 4 hours ago
নিউজ ডেস্ক : বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । চাঞ্চল্যৰ সৃষ্টি হৈছে বৰাকতো । বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হৈ পৰিছে শিলচৰসহ সমগ্ৰ বৰাক ।বাংলাদেশৰ ইচকন মন্দিৰৰ মহাৰাজ চিন্ময়কৃষ্ণ দাসৰ মুক্তিৰ দাবীৰ লগতে হিন্দু সুৰক্ষাৰ দাবীত প্ৰতিদিনেই বৰাকৰ তিনিখন জিলাত বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।
দেওবাৰে নিশা শিলচৰ চহৰত এক বিশাল জোঁৰ সমদল কৰি বাংলাদেশত হোৱা হিন্দু নিৰ্যানতৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে । বৰাকৰ ছাত্ৰ সংগঠন আকসাৰ অভিযোগ অনুসৰি আমেৰিকাৰ মদতত মহম্মদ ইউনিছে বাংলাদেশত সংখ্যালঘু হিন্দু সকলৰ ওপৰত নিৰ্যাতন চলাইছে । সেয়ে ভাৰত চৰকাৰে বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এই ক্ষেত্ৰত ভাৰতীয় সামৰিক বাহিনীৰ হস্তক্ষেপৰ দাবী জনায় আকসাৰ উপদেষ্টা ৰূপম নন্দি পুৰকায়স্থই ।
ইফালে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই সীমান্তত বাংলাদেশী সামগ্ৰী দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । দেওবাৰে বাৰী ৰোডৰ বিসৰ্জন ঘাটত উপস্থিত হৈ কুশীয়াৰা নৈৰ জৰিয়তে বাংলাদেশৰ কোনো সামগ্ৰীৰ অসমলৈ অনাত বাধা প্ৰদান কৰে ৷