অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / videos

শৰাইত তামোল-পাণসহ ৰাইজে ওভতালে স্মাৰ্ট মিটাৰ - Protest Against Smart Meter

সৰুপথাৰ, ১ অক্টোবৰ: ৰাজ্যত স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ অব্যাহত । নিতৌ অভিনৱভাৱে ৰাইজ তথা দল-সংগঠনে কৰিছে প্ৰতিবাদ । কোনো ঠাইত যদি বিদ্যুৎ বিভাগৰ শৱ যাত্ৰা, আন কোনো ঠাইত সংগীতেৰে প্ৰতিবাদ । ব্যতিক্ৰম নহয় গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টি । এইবাৰ প্ৰতিবাদী জনতাই তামোল-পাণসহ গ্ৰাহকৰ গৃহৰ স্মাৰ্ট মিটাৰ সন্মানসহকাৰে শৰাইত আগবঢ়ালে বিদ্যুৎ বিভাগক ।

বৰষুণকো নেওচি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত সোমবাৰে প্ৰতিবাদী জনতাৰ ক্ষোভ । কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সৰুপথাৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ত শতাধিক লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কৃষক মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ উপস্থিতিত শতাধিক লোকে জুৰুলা লৈ কাৰ্যালয়ত স্মাৰ্ট মিটাৰসমূহ তামোল-পাণসহ শৰাইসহ জমা দিয়ে ।

এই কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে কৃষক মুক্তিৰ গোলাঘাট জিলাৰ সভাপতি শৰৎ শইকীয়া, সাধাৰণ সম্পাদক প্ৰাঞ্জল দুৱৰা আদিয়ে । প্ৰতিবাদস্থলী বিদ্যুৎ শইকীয়াই কয়, "বিদ্যুৎ বিভাগে কাৰ্যালয়ৰ পৰাই স্ব-ইচ্ছাৰে গ্ৰাহকৰ স্মাৰ্ট মিটাৰৰ বিল প্ৰস্তুত কৰে । ফলত সৰ্বসাধাৰণ জুৰুলা হৈছে । গৰাকী নথকা ঘৰতো তেওঁলোকৰ কৰ্মচাৰীয়ে চোৰৰ দৰে স্মাৰ্ট মিটাৰ লগাইছে ।"

লগতে পঢ়ক:গুৱা-পাণ, শৰাই-অৰিহণা আগবঢ়াই স্মাৰ্ট মিটাৰ ঘূৰাই দিলে শ শ উপভোক্তাই - Protest Against Smart Meter

স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ৰাজ্যজুৰি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - AJYCP Protest

ABOUT THE AUTHOR

...view details