নলবাৰীত ৫১ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প'লিং-প্ৰিজাইডিং বিষয়া - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
Published : May 5, 2024, 3:00 PM IST
নলবাৰী,৫ মে': তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু নলবাৰী জিলা প্ৰশাসন । জিলাখনৰ মুঠ ৬,২০,৯০১ গৰাকীৰ ভোটাৰৰ ভোটগ্ৰহণৰ বাবে সাজু নলবাৰী জিলাৰ নিৰ্বাচনী বিষয়া তথা প্ৰশাসন । ইফালে দুৰ্গম অঞ্চলৰ লগতে চৰাঞ্চলৰ ৫১ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ দেওবাৰে ৰাওনা হয় নিৰ্বাচনত জড়িত বিষয়াসকল । চৰাঞ্চলত ভোটগ্ৰহণৰ বিশেষ সুবিধাৰ্থে যাৱতীয় সকলো সামগ্ৰী লৈ ৰাওনা হৈছে বিষয়াসকল ।
ইফালে জিলাখনত মুঠ ৮০৭ টা ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰিব ভোটাধিকাৰ । প্ৰতিকূল বতৰৰ মাজতে নিজৰ নিজৰ ভোটকেন্দ্ৰ অভিমুখে ৰাওনা হৈছে বিষয়াসকল । উল্লেখযোগ্য যে এইবাৰ বিষয়াসকলক লাইফ জেকেটৰ পৰা নাও, গৰুগাড়ী, দুচকীয়া বাহন আদি যোগান ধৰাৰ কথা ব্যক্ত কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই । যাতে কোনো বিষয়াৰ একো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো যাৱতীয় ব্যৱস্থাই গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ।
লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটীত বিশাল বাইক ৰেলী - Lok Sabha Election 2024
তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ সাজু নলবাৰী জিলা প্ৰশাসন