অসম

assam

ETV Bharat / videos

কুকুৰে কামোৰাৰ এণ্টি ৰেবিছ বেজী বিচাৰি ৰোগীৰ হাহাকাৰ - TEOK FRU

By ETV Bharat Assamese Team

Published : Nov 14, 2024, 5:55 PM IST

টীয়ক: স্বাস্থ্য খণ্ডত আমূল পৰিবৰ্তনৰ ঢাক-ঢোল বজোৱা চৰকাৰখনৰ ফোঁপোলা স্বৰূপ পুনৰ উদঙালে টীয়ক এফ আৰ ইউৱে । বৃহত্তৰ টীয়কৰ একমাত্ৰ চিকিৎসাৰ ভৰসা টীয়ক এফ আৰ ইউখন যেন এতিয়া নামতহে আছে, কামত একো নাই । এঘাৰ বজা পৰ্যন্ত কৰ্মচাৰী উপস্থিত নাথাকে নিজ কৰ্তব্যত । অহাৰ পাছতো কাম কৰিবলৈ নহয় ইচ্ছুক । কুকুৰে কামোৰাৰ বিনামূলীয়া ভেকচিন বিচাৰি বৃহস্পতিবাৰে পুৱাৰে পৰা হাহাকাৰ কৰিবলগীয়া হ'ল একাংশ ৰোগীয়ে । বিনামূলীয়া বেজী মজুত থকাৰ পাছতো কৰ্মচাৰীৰ এলেহুৱা স্বভাৱৰ বাবে ৰোগীক যোৰহাটলৈ যাবলৈ দিলে উপদেশ ।  

ইপিনে উপায়ন্তৰ ৰোগীয়ে এফ আৰ ইউৰ ভাৰপ্ৰাপ্ত চিকিৎসকগৰাকীক অভিযোগ দিয়াৰ পাছতো "মই একো নাজানো" বুলি দায় সৰাৰ অভিযোগ ৰোগীৰ । এতিয়া প্ৰশ্ন হয়- প্ৰায়ে টীয়ক এফ আৰ ইউত কিয় ৰোগীক দুৰ্ব্যৱহাৰ তথা চিকিৎসক দেৰিকৈ অহা আদি কথাবোৰ চৰ্চালৈ আহে । দৰৱ মজুত থকাৰ পাছতো কিয় সাধাৰণ জনতাক প্ৰদান কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে কৰ্মীসকলে । এইবোৰ অভিযোগ যদি ভাৰপ্ৰাপ্ত চিকিৎসকগৰাকীয়ে গম নাপাই তেন্তে কিদৰে চলি আছে টীয়কৰ এইখন চৰকাৰী চিকিৎসালয় সেয়া এতিয়া জলজল পটপট । 

লগতে পঢ়ক: জলমগ্ন টীয়ক গ্ৰাম্য চিকিৎসালয়, চিকিৎসাৰ অবিহনেই ঘৰমুৱা হ’ল ৰোগী - artificial flood in Teok

চলন্ত বাহনৰ ওপৰতে বাগৰি পৰিল প্ৰকাণ্ড গছ : কথমপি ৰক্ষা পৰিল যাত্ৰী - Golaghat accident

ABOUT THE AUTHOR

...view details